Breaking

গোগামুখত সদৌ ঙাটে বংশাৱলীৰ সভা, বংশাৱলীৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0 197

মিচিং সকলৰ অন্যতম গোত্ৰ ঙাটে অপেঃ অৰ্থাৎ ঙাটে বংশাৱলীৰ এখন সভা কালি অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত হোৱা উক্ত সভাত ঙাটে বংশাৱলীৰ বিশিষ্ট ব্যক্তি মিচিং সমাজৰ লগতে বৃহত্তৰ অসমীয়া সমাজলৈ শিক্ষা,সামাজিক, সাংস্কৃতিক, প্ৰশাসনিক, ৰাজনৈতিক আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহুকেইজন লোকক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত বিশেষভাৱে ঙাটে বংশাৱলীৰ প্ৰথমগৰাকী বিধায়ক তথা মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন ঙাটে গাম, ভূৱন গামৰ পত্নী পূন্যৱতী ঙাটে, সুদক্ষ প্ৰশাসনিক বিষয়া তথা বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰনাথ ঙাটে, মুনীন্দ্ৰনাথ ঙাটেৰ পত্নী মীনা ঙাটে, মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ ঙাটে গাম, অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ উচ্চ বৰ্গৰ সহায়ক লয়কান্ত ঙাটে, চিলাপথাৰ অকাজানৰ পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক মৃনাল ঙাটে, অৱসৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ জিলা ডি আই নন্দনাথ ঙাটে গাম, আদী-মিচিং পৰিণ কৗবাঙৰ সভাপতি তুষাৰ ঙাটে, জীয়াভৰলী বোকাগাঁও মিলিৰ লাটগাঁওবুঢ়া কালিচৰণ ঙাটে, জোনাই বাহিৰ চিলেৰ লাটগাঁওবুঢ়া অশোক ঙাটে আদিৰ লগতে বহু বয়োজেষ্ঠ লোককো সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধিত ব্যক্তিসকলক মিবু গালোগ, গেৰঃ, য়ক্‌ছা, অৗৰকগ আৰু মানপত্ৰ আদি প্ৰদান কৰা হয় ৷ সভাখনত সভাপতিত্ব কৰে সদৌ ঙাটে অপেঃৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কিশোৰ ঙাটেই ৷ সভাখন আঁত ধৰে ৰাজেশ ঙাটে আৰু দিলীপ ঙাটে গামে ৷ উল্লেখনীয় যে, উক্ত সভাত সম্বৰ্ধিত ব্যক্তিসকলে ঙাটে বংশাৱলীৰ পৰা সম্বৰ্ধনা লাভ কৰি আনন্দ প্ৰকাশ কৰে আৰু বংশাৱলীৰ প্ৰতিগৰাকী লোকক দায়িত্ব সহকাৰে কাম কৰি শিক্ষা-সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত আগুৱাই যাবলৈ আহ্বান জনায় ৷

Leave A Reply