জৈৱিক কৃষিৰে বহিঃৰাজ্যত বজাৰ দখল গোলাঘাটৰ কৃষকৰ । Golaghat

১০ জুলাই: Golaghat । গোলাঘাট জিলাৰ জামুগুৰি কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত পদুমপথাৰ এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীয়ে উৎপাদন কৰা প্ৰায় বিশ মেট্ৰিকটন শুকান হালধি উচিত মূল্যত হাৰিয়ানাৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

জিলা কৃষি বিভাগৰ দিহা-পৰামৰ্শৰে সম্পূৰ্ণ জৈৱিক পদ্ধতি অৱলম্বন কৰি ৰঙালাও, আদা, হালধি, নেমুটেঙা আদি খেতি কৰি লাভান্বিত হৈছে সংস্থাটোৰ সৈতে জড়িত প্ৰায় ১৫০০ কৃষক। বিগত কিছু দিন ধৰি সংস্থাটোৱে বহিঃৰাজ্যলৈ আদা, হালধি, ৰঙালাও আৰু নেমুটেঙা আদি উৰিষ্যা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, মিজোৰাম, পশ্চিমবংগ আৰু তেলেংগানাত বিক্ৰী কৰি লাভান্বিত হোৱাৰ কথা প্ৰকাশ কৰে পদুমপথাৰ এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক অঞ্জল লিম্বুয়ে।তেঁও লগতে কয় যে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে কৰা ফচলসমূহে বহিঃৰাজ্যত যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিবাৰে তেওঁলোকে ইয়াৰ বাবদ আশাপ্ৰদ মোনাফা লাভ কৰি আহিছে।

উল্লেখ্য যে, চলিত বৰ্ষত কোম্পানীটোৱে উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু তেলেংগানালৈ ৪০০ মেট্ৰিকটন আদা, মিজোৰাম আৰু উৰিষ্যালৈ ৫০ মেট্ৰিকটন হালধি ৰপ্তানি সম্পূৰ্ণ কৰিছে। ইয়াৰোপৰি কৃষকৰ দলটোয়ে এই বৰ্ষত ৭০ বিঘা মাটিত ৰঙালাও খেতি কৰি বৰ্তমানলৈকে ২০০০ কুইণ্টলৰো অধিক ৰঙালাও স্থানীয় বজাৰত বিক্ৰী কৰি আছে। সেইদৰে বিগত বৰ্ষতো তেলেংগানা, উৰিষ্যা, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগলৈ ৭০০ মেট্ৰিকটন হালধি আৰু ২০০ মেট্ৰিকটন আদা ৰপ্তানি কৰি লাভজনক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হৈছে।


জিলাখনৰ দৈয়াং নদীৰ পাৰৰ প্ৰায় ১৫০০ হেক্টৰ কৃষি ভূমিত ১৫০০ কৃষক পৰিয়ালে সন্মিলিত প্ৰচেষ্টাৰে প্ৰতি বছৰে কৰি অহা জৈৱিক কৃষি প্ৰণালীক ইতিমধ্যে ৰাজ্য কৃষি বিভাগে স্বীকৃতি প্ৰদান কৰিছে।ভৱিষ্যতৰ দিনত কৃষকৰ দলটোৱে জৈৱিক কৃষি সম্প্ৰসাৰণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ সপোন পুহি ৰাখিছে।

Related Articles