উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত (Golaghat eviction) উচ্ছেদ অভিযান। শতাধিক এক্সকেভেটৰৰেৰ পুৱাৰে পৰা চলিছে উচ্ছেদ। বেদখল মুক্ত কৰা হ’ব ১০ হাজাৰ ৯৬০ বিঘা ভূমি, উচ্ছেদ হ’ব দুহেজাৰৰো অধিক পৰিয়াল।
আৰম্ভ হ’ল উৰিয়ামঘাটৰ উচ্ছেদ অভিযান। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। আজিৰে পৰা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা চলিছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৷ দুহেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী সাজু উচ্ছেদ অভিযানত
সাজু ১০০ কৈও অধিক এক্সাভেটৰ। জানিব পৰা মতে অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বোলড’জাৰ।
উচ্ছেদৰ তালিকাত থকা গাঁৱসমূহৰ হ’ল সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান। ইফালে গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা। কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু বিষয়া আহি উপস্থিত হৈছেহি সৰুপথাৰত। উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সাভেটৰ। বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনৰ ৷