গোলাঘাট কমাৰবন্ধা বামুনগাঁৱত হত্যাকাণ্ড : অতীষ্ঠ মাতৃয়ে অৱশেষত হত্যা কৰিলে সুৰাপায়ী স্বামীক

“মানুহজনক মাৰি দিলোঁ, ছোৱালীজনীক সদায় বলৎকাৰ কৰিব বিচাৰে ” । এগৰাকী মাতৃৰ কান্দি কান্দি দিয়া স্বীকাৰোক্তি। আজি পুৱা প্ৰায় ৬-৩০ বজাত গোলাঘাটৰ কমাৰবন্ধা বামুনগাওঁত সংঘটিত হল এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীয়ে খৰিৰে মাৰি হত্যা কৰিলে স্বামীক। অত্যাধিক সুৰা পাণ কৰি  ঘৰুৱা অশান্তিৰ সৃষ্টি কৰি অহা নিতুল বৰা (৪৮)নামৰ লোক জনক পত্নী জোনাকী বৰাই (৪৫) অৱশেষত  হত্যা কৰে। দুটা সন্তানৰ মাতৃ জোনাকী বৰাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দি কয় যে , নিতৌ সুৰাপাণ কৰি অহা স্বামীয়ে ঘৰত কৰা অশান্তিয়ে চৰম পৰ্যায় পাইছিলগৈ। নিজ কন্যাক লৈও চৰম সংশয়ত ভুগিছিল মাতৃগৰাকী। কন্যাৰ সুৰক্ষাৰ বাবে একপ্ৰকাৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছিল মাতৃগৰাকীৰ। পাষাণ পিতৃয়ে পুত্ৰৰ পঢ়া কিতাপ-বহী পৰ্যন্ত  জ্বলাই দিয়াত একপ্ৰকাৰ পঢ়া-শুনা এৰিব লগীয়া অৱস্থা হৈছিল একমাত্ৰ পুত্ৰ সন্তানটিৰ। আৰু অৱশেষত অতীষ্ঠ হৈ পত্নী জোনাকী বৰাই এডাল খৰিৰে স্বামীক মূৰত মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে, স্বামীক হত্যা কৰাৰ পাছত অতি শীতল মস্তিষ্কৰে হত্যাকাৰী জোনাকী বৰাই কমাৰবন্ধা আৰক্ষীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ  কৰি আত্মসমৰ্পণ কৰাৰ লগতে এনেদৰে হত্যাৰ আঁৰৰ  সকলো কথা ব্যক্ত কৰে।

Related Articles