Golaghat News: গোলাঘাট বাস্কেটবল কচিং চেন্টাৰৰ বিশেষ সাফল্য

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ (Golaghat News) অন্তৰ্গত বাস্কেটবল কচিং চেন্টাৰে যোৱা ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈকে হোজাইত অনুষ্ঠিত হোৱা আন্ত: জিলা চাব জুনিয়ৰ ল’ৰা-ছোৱালীৰ বাস্কেটবল চেম্পিয়নশ্বিপত ছোৱালীৰ শাখাত ৰাণাৰ আপ খিতাপ অৰ্জন কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাটৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ তথা প্ৰশিক্ষক (এন আই এছ ) দ্বীপজ্যোতি শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকলে চূড়ান্ত খেলত গুৱাহাটীৰ মেট্ৰ’ দলৰ লগত পৰাস্ত হৈ যদিও উন্নত খেল প্ৰদৰ্শন কৰি ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে , বিগত সময়তো গোলাঘাট জিলাৰ এই কচিং চেন্টাৰে আন্ত: জিলাৰ বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰি অহাৰ লগতে বহু খেলুৱৈ-এ অসম দলক প্ৰতিনিধিত্ব কৰাৰ কৃতিত্ব অৰ্জন কৰিছে । দলটিত অংশ লোৱা খেলুৱৈসকল হৈছে ক্ৰমে, মনালী দত্ত, জুনজোনালী নেওগ, ৱাইনী মেথিউ, অনুষ্কা কাকতি, নমিতা বৰবৰুৱা, আৰ্চিয়া পি ফুকন, স্পৃহা উৰাং, ইনাস্কী কটকী,দেৱাশ্ৰী দত্ত,সুচিত্ৰা শইকীয়া, পুষ্পা মিৰ্জা, বৈষ্ণৱী গোঁসাই । আনহাতে দলটোৰ প্ৰশিক্ষক ৰূপে মানৱ কলিতা, সহ প্ৰশিক্ষক অঞ্জন কুমাৰ গগৈ আৰু মেনেজাৰ ঈশা কুমাৰী গুপ্তা আছিল । দলটোৰ এনে সাফল্যত গোলাঘাটৰ ক্ৰীড়া মহলে অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক সাফল্য লাভৰ আশা কৰিছে ।

Related Articles