গোলাঘাট ফৰকাটিংৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী পাপু আলি গ্ৰেপ্তাৰ । কিছুদিন পূৰ্বে পাপু আলি তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । উক্ত ঘটনাৰ পিছতে ড্ৰাগছ মাফিয়া পাপু আলি আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল । অৱশেষত গোলাঘাট ফৰকাটিং আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ পৰাই ড্ৰাগছ মাফিয়া পাপু আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে , পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগতো জড়িত আছিল । অগাধ ধন-সম্পত্তিৰ মালিক এই পাপু আলিৰ বাসগৃহত ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত অভিযান চলাই ঘৰৰ বিভিন্ন স্থানৰ পৰা পিষ্টল,গ্ৰেণেড, সেনাৰ পোছাক আদি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে অন্য জিলালৈও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে পাপু আলিৰ বিৰুদ্ধে। স্থানীয় লোকৰ ভাষ্য অনুসৰি এনে অসাধু ব্যৱসায় কৰিয়েই পাপু আলিয়ে গোটাইছিল অজস্ৰ ধন-সম্পত্তি। আজি এই কুখ্যাত ড্ৰাগছ মাফিয়াৰ গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰিছে গোলাঘাটবাসীয়ে।

