শিপাভূমি গোলাঘাটে মঞ্চস্থ কৰিলে নাটক “ঐ-য়া”‌ । নাট্য ওজা ৰতন থিয়ামক স্মৰণ । Golahat

Golahat । গোলাঘাটৰ অন্যতম নাট্যানুষ্ঠান ” শিপাভূমি গোলাঘাটে ” কালি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰে নাটক “ঐ-য়া”‌ । কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিখ্যাত গল্প পোষ্ট মাষ্টাৰৰ আধাৰত নাট্যকাৰ পৰিচালক পলাশ লইঙৰ ৰচনাৰ নাটক খনৰ পটভূমি আছিল ষাঠি -সৌত্তৰ দশকৰ পিচ পৰা মিছিং সমাজ খনৰ ঘটনা- পৰিঘটনা সমাহাৰৰ প্ৰতিচ্ছবি।


মনিপুৰৰ বিখ্যাত নাট পৰিচালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ওৱেচিচ সৌগেইযাম আৰু সহযোগী পৰিচালক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক জিতু ৰাভা আৰু সংগীত পৰিচালনা আছিল ভাস্কৰ জ্যোতি কোঁৱৰৰ। নাটকখনৰ বিভিন্ন চৰিত্ৰত ৰূপ দান কৰা অভিনেতা অভিনেত্ৰী সকল হৈছে অন্তৰা হাজৰিকা , হিমাংশু শইকীয়া ,পলাশ লয়িঙ , দশমী বৰা , বনদ্বীপা গাৰ্গী , আস্থাপ্ৰিয়া বৰা , অমৰজিৎ কটকী, ভাস্কৰ জ্যোতি গগৈ , ৰিচাৰানি কৌশিক, ছত্ৰপতি চেতিয়া , ময়ুৰী বৰা ,লুনা দেৱী , বৈশালী গগৈ , নকুল স্বৰ্গীয়াৰী আৰু ৰাহুল শইকীয়া ।

ব্যৱস্থাপনা বিজয় কৃষ্ণ বৰা , সাজ সজ্জা ৰূপাঞ্জলী বৰুৱা , মিছিং বাদ্যযন্ত্ৰ মাইকেল দলে , কন্ঠশিল্পীসকল হৈছে ভাস্কৰ জ্যোতি কোঁৱৰ , মাইকেল দলে , ৰিচাৰানি কৌশিক ঘোষক মনিকা ৰয় । অন্যহাতে নাটক উদ্বোধনৰ পূৰ্বে অলপতে মৃত্যু হোৱা বিশিষ্ট নাট্য ওজা ৰতন থিয়ামৰ স্মৃতিচাৰণ কৰে পিকুমনি দত্তই। নাটক উদ্বোধন কৰে বিশিষ্ট বোলছবি আৰু নাট্য পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখক হীৰেন গগৈয়ে । শিপাভূমি গোলাঘাটৰ হৈ নিলোফাৰ ই মাহতাবীয়ে আতঁ ধৰা অনুষ্ঠানত উপস্থিত আছিল পুলিবৰ লাচিত ক্লাৱৰ সভাপতি ৰাজকুমাৰ বেদান্ত কুমাৰ গোহাঁই, শিপাভূমিৰ প্রাক্তন সভাপতি ডঃ তাপস বৰুৱা , সমাজকৰ্মী সাগৰ গোহাঁই, ইচফাক জামান, শিপাভূমিৰ সভাপতি বিজয় কৃষ্ণ বৰা আৰু সম্পাদক ৰূপাঞ্জলি বৰুৱা ।

Related Articles