Gold prices: সোণৰ দামে গঢ়িলে অভিলেখ, বাঢ়িল ৰূপৰো !

ভাৰতত সোণৰ মূল্যই (Gold prices) অভিলেখ সৃষ্টি কৰিলে৷ শুকুৰবাৰে পুৱা সোণৰ মূল্যই অভিলেখ সৃষ্টি কৰে৷ বিশ্ব বাণিজ্যিক উত্তেজনা আৰু দুৰ্বল আমেৰিকান ডলাৰৰ বাবে বিনিয়োগকাৰীসকলে সোণক নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তি হিচাপে গণ্য কৰিছে৷ মাল্টি ক’ম’ডিটি এক্সছেঞ্জত সোণৰ মূল্য সৰ্বকালৰ সৰ্বোচ্চ ১,০২,১৯১ টকা প্ৰতি ১০ গ্ৰামত৷ ৰূপৰ দামো বৃদ্ধি পালে৷ দিনৰ ১:১৫ বজাত এমচিএক্স গোল্ডৰ মূল্য ০.৬৮ শতাংশ বৃদ্ধিৰে ১,০২,১৫৯ টকা আৰু এমচিএ’ ছিলভাৰৰ মূল্য ০.৫৪ শতাংশ বৃদ্ধি পাই ১,১৪,৯০৪ টকা প্ৰতি কেজিত হয়৷ ভাৰতৰ ওপৰত নতুন শুল্ক দুগুণ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ সময়তে সোণৰ বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে৷ ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত তেল ক্ৰয় কৰাৰ সিদ্ধান্তৰ প্ৰতিশোধ হিচাপে ট্ৰাম্পে এই শুল্ক আৰোপ কৰে৷ শুল্ক বিবাদ নিষ্পত্তি নোহোৱালৈকে ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা স্থগিত থাকিব বুলিও তেওঁ কয়৷ বিশেষজ্ঞসকলৰ মতে এই উচ্ছ শুল্কৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধি ০.৩শতাংশ পৰা ০.৬শতাংশ হ্ৰাস পাব পাৰে৷ আমেৰিকাই আমদানিকৃত ৰ কেজি সোণৰ বাৰত নতুন শুল্ক আৰোপ কৰা বুলিও বজাৰখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যাৰ প্ৰভাৱ বিশ্বৰ সৰ্ববৃহৎ সোণ শোধন কেন্দ্ৰ চুইজাৰলেণ্ডৰ দৰে দেশত পৰিব৷ এই বাণিজ্যিক উত্তেজনাৰ লগতে আমেৰিকান ডলাৰৰ হ্ৰাসে অন্যান্য মুদ্ৰাৰ ক্ৰেতাসকলৰ বাবেও সোণক অধিক আকৰ্ষণীয় কৰি তুলিছে৷

অধিবেশনৰ সময়ছোৱাত ডলাৰৰ সূচকাংক প্ৰায় ০.৫ শতাংশ হ্ৰাস পাই ৯৭.৯৬ত উপনীত হয়৷বিশেষজ্ঞসকলে জনোৱা মতে, সোণ আৰু ৰূপৰ দাম প্ৰতিৰোধৰ স্তৰত উপনীত হৈছে, গতিকে সপ্তাহৰ শেষৰ ফালে বিনিয়োগকাৰীসকল সতৰ্ক হৈ থকাৰ বাবে বজাৰত কিছু লাভৰ হাৰ হ’ব পাৰে৷ বিশ্বজুৰি অনি(য়তা বৃদ্ধি পোৱাৰ লগে লগে অনাগত দিনত সোণ আৰু ৰূপৰ মূল্যৰ গতিবিধিৰ ওপৰত বিনিয়োগকাৰীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি আশা কৰা হৈছে৷

Related Articles