নগাঁও চহৰত একেদিনাই কুৰিটা পথৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও পৌৰসভা এলেকাত নতুনকৈ নিৰ্মাণ কৰা কুৰিটাকৈ পথৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ৰাইজৰ বাবে মুকলি কৰি দিয়া পথ সমূহ হৈছে ক্ৰমে নগাঁও পৌৰসভাৰ ১৭ নং মহলাৰ এম জি পথৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ উপপথ, বেবীলেন পথ, আই টি আইৰ সমীপৰ ৩ নং উপপথ, পিয়লি ফুকন উপপথ, এ টি ৰোডৰ প্ৰণৱ প্ৰিন্টাৰ্চৰ সমীপৰ উপপথ, নগাঁও অসামৰিক চিকিৎসালয়ৰ দক্ষিণ দিশৰ পথ, কচলুখোৱা ৰাস পথাৰৰ সমীপৰ পথ,শ্বহীদ কুশল কোঁৱৰ মাধব নগৰ উপপথ আৰু চকীটুপ উপপথ। আনহাতে পৌৰসভা এলেকাৰ ১৮ নং মহলাৰো কেইবাটাও নবনিৰ্মিত পথৰ শুভাৰম্ভ কৰে বিধায়ক শৰ্মাই।পথ সমূহ হৈছে ক্ৰমে সেউজ পথ, পৰমানন্দ পথ, মনমোহন পথ, ২নং দত্ত পথ, বি এড কলেজ উপপথ, নামঘৰ পথ, মুক্তি পথ, নেতাজী পথ, শীলপট্টি পথ আৰু পৰোজ বৰা পথ।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে নগাঁও বি এড কলেজৰ এটি নবনিৰ্মিত শ্ৰেণীকোঠাও উদ্ধোধন কৰে। ৰাইজৰ বাবে পৌৰসভা এলেকাৰ পথ সমূহ মুকলি কৰি বিধায়ক শৰ্মাই কয় : আমাৰ কাৰ্যকালত নগাঁও চহৰৰ বাট, পথ নলা , নৰ্দমাকে ধৰি সকলো ক্ষেত্ৰতে এক নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে। চহৰখনৰ বাসিন্দা সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আমাৰ কাৰ্যকালত সমাধানৰ চেষ্টা কৰা হৈছে। প্ৰকৃতাৰ্থত নগাঁৱত এক উন্নয়নৰ যাত্ৰা আৰাম্ভ হৈছে।পৰবৰ্তী সময়তো উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ চেষ্টা কৰি যাম। ইপিনে মুকলি কৰা পথ সমূহে ৰাইজৰ যাতায়ত সূচল কৰি তুলিব বুলিও বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে।

Related Articles