Breaking

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ..

0 434

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ।চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ।অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা।অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই পদক।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ,কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়ালৈ এই বঁটা।উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মান প্ৰদান কৰিছে।

Leave A Reply