Breaking

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ ! ইস্তেমাৰ বিশাল আয়োজন…

0 39

ইছলাম ধৰ্মী ব্যাক্তি সকলৰ বাবে ভাল খবৰ । অসমৰ হোজাই জিলাত হবলৈ গৈ আছে ইস্তেমা ।হোজাইৰ মোৰাঝাৰত এইবেলি আয়োজন হবলৈ গৈ আছে উমুমী ইস্তেমা । ২০২৪ বৰ্ষৰ ৪,৫,৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব ইস্তেমা । এই ইস্তেমা মোৰাঝাৰৰ শিৱপুৰ-বৰপুখুৰীৰ বিশাল খেতি পথাৰত ব্যাপক প্ৰস্তুতি চলিছে ৷

অসমৰ চাৰিখন জিলাৰ লগতে অসমকে ধৰি উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলামধৰ্মী ২৫ লাখ লোকৰ সমাগম হব বুলি জনা গৈছে ৷ এই ইস্তেমাক মোৰাঝাৰ অঞ্চলত ব্যাপক উচাহ উদ্বীপনা দেখিবলৈ পোৱা গৈছে

বিশেষকৈ আয়োজক সমিতিকে ধৰি ধৰ্মপ্ৰাণ ৰাইজৰ পাৰ ভঙা উচাহ

ইতিমধ্যে মুল মছজিদখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে অহা শুক্ৰবাৰে ইস্তেমাস্থলিত জোম্মাৰ নামাজ আদায় কৰি মুল পেণ্ডেলৰ লাইখুঁটা স্থাপন কৰা হব৷ সেয়েহে সমুহ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে৷

Leave A Reply