Breaking

অসমবাসীৰ বাবে সুখবৰ; ইউনেস্কোত স্থান পাব ৮৮ বছৰ গৰকা দিখৌ দলঙে

0 69

বৃটিছ চৰকাৰে নিৰ্মান কৰা শিৱসাগৰৰ দিখৌ দলঙে অসমবাসীৰ লগতে শিৱসাগৰলৈ কঢ়িয়াই আনিছে এক সু খবৰ। ১৯৩৫ চনত বৃটিছ চৰকাৰে নিৰ্মাণ কৰিছিল দিখৌ দলঙ খন।

নাজিৰাৰ অসম চাহ কোম্পানীলৈ জাহাজ চলাচলৰ বাবে দলঙৰ মাজৰ অংশটো কাঠৰে নিৰ্মাণ কৰাৰ লগতে ওপৰলৈ তুলি ধৰাৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ এইখনেই আছিল অসমৰ প্ৰথমখন কঁপিকুল যুক্ত দলঙ।

লণ্ডনৰ লগতে ভাৰতৰ টাটা কোম্পানীৰ পৰা অনা লোহাৰে বৃটিছৰ ব্ৰেড ৱেইট কোম্পানীয়ে নিৰ্মাণ কৰা দলঙখনে গৰকিলে ৮৮ টা বছৰ।

ইতিপূৰ্বে দলঙখনৰ বয়স উকলি যোৱা বুলি অবগত কৰিছিল বৃটিছ চৰকাৰে। অসম চৰকাৰৰ লগতে শিৱসাগৰৰ প্ৰশাসনৰ অমনোযোগিতাৰ বাবে জহি খহি যোৱা দলঙখন যাতায়তৰ বাবে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।

কিছুদিন পূৰ্বে ইউনেস্কোৰ দুগৰাকী সদস্য চৰাইদেই মৈদামলৈ আহোতে দৃষ্টি গোচৰ হৈছিল দিখৌ দলঙ খন। ইউনেস্কোৰ ভাতৃ সংগঠনৰ দিলীপ চাংকাকতিক এই বিষয়ে অবগত কৰাত তেওঁৰ একক প্ৰচেষ্টাত এতিয়া দিখৌ দলঙে ইউনেস্কোৰ বানিজ্যিক ঐতিহ্য হিচাপে চিহ্নিত হোৱাৰ পথত।

Leave A Reply