মাইক্ৰ’ফাইনেন্স ঋণী মহিলালৈ সুখবৰ। ৫০ হাজাৰ ঋণো ওভোটাই দিব চৰকাৰে…

মাইক্ৰ’ফাইনেন্স ঋণী মহিলালৈ শাৰদীয় বতৰত সুখবৰ কঢ়িয়াই আনিলে অসম চৰকাৰে। ইতিপূৰ্বে ২৫ হাজাৰ টকা ঋণ লোৱা মহিলাৰ ধন বেংকত ওভোটাই দিছে চৰকাৰে। দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক ৰাজহুৱা সভাত যি সকল মহিলাই মাইক্ৰ’ফাইনেন্স বেংকৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লৈছিল সেই ঋণৰ ধন চৰকাৰে ওভোটাই দিয়াৰ বিষয়ে ঘোষনা কৰে। ইতিমধ্য ঋণ ওভোটাই দিয়াৰ কাম আৰম্ভ কৰা বুলি ডঃ শৰ্মাই ঘোষনা কৰি ১৬ অক্টোবৰত ২৫ হাজাৰ টকাৰ ঋণ লোৱা মহিলা সকলক “নো বেং ডিউ” প্ৰমান পত্ৰ প্ৰদান কৰাৰ বিষয়েও ঘোষনা কৰে। এই সকল মহিলাই অনাগত সময়ত পুনৰ বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে।

আনহাতে বিগত দুটা বছৰত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি মৰ্মে চৰকাৰে ৯০ হাজাৰ নিযুক্তি সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি অতি শীঘ্ৰেই ১৫ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰি নিবনুৱা সকললৈকো আশাৰ বতৰা কঢ়িয়াই আনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles