Breaking

সুখবৰঃ ৰাছিয়াৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে কৰ্কটৰ ভেকচিন! পুটিনে কৰিলে ঘোষণা…

0 57

এক সুখবৰ দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। ৰাছিয়াৰ বিজ্ঞানীসকলে প্ৰায় মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন তৈয়াৰ কৰিছে। অতি সোনকালে ৰোগীৰ হাতলৈ আহিব। বুধবাৰে ৰাছিয়াৰ একনায়কত্ববাদী ভ্লাদিমিৰ পুটিনে এনে দাবী উত্থাপন কৰে। ভিডিঅ’ বাৰ্তাযোগে পুটিনে কয় যে আমি নতুন প্ৰজন্মৰ বাবে কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰাৰ অতি ওচৰ চাপিছো আৰু লগতে কয় যে মই আশা কৰিছো যে এই ভেকচিন অতি সোনকালে মানুহৰ মাজলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে এই ভেকচিনসমূহে কেনেধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব, বা কেনেকৈ প্ৰতিৰোধ কৰিব, সেই কথা স্পষ্ট কৰা নাই পুটিনে।

যোৱা বছৰ ব্ৰিটিছ চৰকাৰে জাৰ্মানীৰ এটা ঔষধ কোম্পানীৰে ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ৰোগীৰ ‘কেন্সাৰৰ নিৰাময়’ আনিবলৈ চুক্তিবদ্ধ হৈছিল। বিশ্বৰ আন দুটা ঔষধ কোম্পানীয়েও পৰীক্ষামূলক কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, যাৰ ফলত ছালৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা হ্ৰাস পোৱা দেখা গৈছে।

Leave A Reply