Breaking

গুনোৎসৱত গোটানগৰ নামবাৰী হাইকুলৰ ‘এ’ গ্ৰেড লাভ; শিক্ষক-শিক্ষাৰ্থীৰ উৎসাহ…

0 30

ৰাজ্যজুৰি অনুষ্ঠিত হোৱা গুনোৎসৱত কিছুদিন পূৰ্বে ঘোষিত ফলাফলত মহানগৰীৰ মালিগাঁৱস্থিত গোটানগৰ নামবাৰী হাইস্কুলে “এ” গ্রেড স্থান লাভ কৰে । এই খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ বাসিন্দা সকল । উল্লেখ্য যে, গোটানগৰ নামবাৰী হাইস্কুলত যোৱা ২০২৩ চনৰ জুন মাহৰ পৰা বর্তমান সময়লৈকে দুষ্টচক্ৰৰ প্রবোচনাত একেৰাহে চাৰিবাৰকৈ চুৰিকার্য সংঘটিত হৈছিল।

স্থানীয় আৰক্ষী চকীত বাৰংবাৰ এজেহাৰ দাখিল কৰাৰ স্বত্বেও আৰক্ষীয়ে চোৰ কিম্বা দুষ্টচক্ৰক ধৰিবলৈ সক্ষম হোৱা নাছিল । দুষ্টচক্ৰই বিদ্যালয়ৰ সম্পদ সমূহৰ ভালেমান আচৱাব নষ্ট কৰিছিল। তাৰ মাজতো বিদ্যালয়খনৰ প্রধান শিক্ষক গৰাকীৰ তত্ত্বাবধানত বিদ্যালয়খনে এ গ্ৰেড লাভ কৰা বিষয়টোৱে স্বাভাবিকতে বিদ্যালয় পৰিচালনা সমিতি , শুভাকাংক্ষী আৰু প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সকলকো উৎফুল্লিত কৰি তুলিছে।

Leave A Reply