‘অসমৰ সমাজ জীৱনলৈ বিশেষকৈ শিশু(Goti Assam)আৰু কিশোৰ- কিশোৰীসকলৰ বাবে বিগত ২৮ বছৰে গতি অসমে বহু কাম কৰি আহিছে৷ এই কামবোৰৰ লগতে বিগত সময়ত ‘গতি অসম’ৰ দ্বাৰা প্ৰকাশ পোৱা অসম বৰেণ্য জীৱনী গ্ৰন্থৰ প্ৰকল্পৰ বাবে গতি অসমক সমাজে সদায় মনত ৰাখিব৷ আনে নকৰা এটা চিন্তা গতি অসমে কৰা বাবে এই অনুষ্ঠানটি সদায় ব্যতিক্ৰম হৈ আছে আৰু ভৱিষ্যতেও অসমৰ নতুন প্ৰজন্মৰ বাবে আশাভৰা কামবোৰ কৰি যাব বুলি আশা কৰো’ – বিশিষ্ট লেখক তথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে গতি অসমৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয়৷ সামাজিক-সাংস্কৃতি অনুষ্ঠান ‘গতি অসম’ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৩ মে’ৰ বিয়লি বামুণীমৈদামৰ পৰাগ কুমাৰ দাস পথত থকা ‘গতি ৰাজ্যিক শিশু পুথিভঁৰাল’ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীয়ে বহু ৰসাল কথা কৈ সকলোকে হাঁহিৰ খোৰাক দিয়াৰ লগতে ভূপেন হাজৰিকাৰ কেবাটাও গীত পৰিৱেশন কৰে৷
‘গতি অসম’ৰ সভাপতি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে গতি অসমত সদস্য, চিত্ৰশিল্পী প্ৰয়াত পুতুল চন্দ্ৰ নাথৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে তেওঁৰ আত্মাৰ শান্তি কামনা কৰা হয়৷ বিশিষ্ট চেতাৰ বাদক স্বপ্না হাজৰিকাৰ চেতাৰ বাদনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি আদৰণি ভাষণ আগবঢ়াই ‘গতি অসম’ৰ সম্পাদকে অনুভৱ পৰাশৰে বিগত ২৭ বছৰৰ বিভিন্ন কাৰ্যক্ৰমৰ ৰেঙণি দাঙি ধৰাৰ লগতে ‘গতি অসম’ৰ জীৱনীসমূহ ইংৰাজীলৈ অনুবাদ কৰা প্ৰকল্প হাতত লোৱা বুলিও ঘোষণা কৰে৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাহিত্যিক, অধিবক্তা সুনীতি সোনোৱালে ‘গতি অসম’ৰ ব্যতিক্ৰমী চিন্তাৰ তথা কৰ্মৰ বাবে প্ৰশংসা কৰে৷ অনুষ্ঠানত উমান বৰপাত্ৰ গোহায়ে গীত, ৰুবী শৰ্মা বৰকটকী, ডিম্পি বৰ্মন আৰু শ্ৰেয়ানসী ডি এম শইকীয়াই কবিতা আবৃত্তি কৰাৰ লগতে গোলোক চন্দ্ৰ বৰাৰ পৰিচালনাত ‘গতি অসম’ৰ সংগীত পৰিৱেশন কৰে শিল্পীসকলে৷ অনুষ্ঠানত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ইন্দিৰা বৰদলৈ, ‘হিয়াৰ ৰামধেনু’ শিশু আলোচনীৰ কাৰ্যবাহী সম্পাদক সুৰেন্দ্ৰ মোহন দাস, লেখিকা মাধুৰী কলিতা চৌধুৰী, বৰ্ণালী তালুকদাৰ, ড॰ মামণি বৰঠাকুৰ, ৰুমী বৰঠাকুৰ, মিনা কুমাৰী ৰায় মেধি, মিনা বৰুৱা, লেখক বিতোপন বৰদলৈকে ধৰি বহুকেইগৰাকী শিল্পী, সাহিত্যিক উপস্থিত থাকে৷