Breaking

ওদালগুৰি জিলাৰ সাৰেঙত বানত মৃত্যু হোৱা পৰিয়ালক চৰকাৰৰ সাহায্য

0 1,076

ওদালগুৰি জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তৰ্গত সাৰেং গাওত বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত মৃত্যুক সাৱতি লবলগীয়া হৈছিল ৩৮ বছৰীয়া পংকজ দত্তই৷ আজি হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ তথা কলাইগাওঁ সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে অসম চৰকাৰৰ হৈ ৪লাখ টকাৰ চেক প্ৰদান কৰে মৃত পংকজ দত্তৰ সহধৰ্ম্মিণী তৰুলতা নাথ দত্তৰ হাতত৷ আনহাতে বানে বিধস্ত কৰা গাহৰি,মুৰ্গী, মৎস্য পালক সকলকো পয্যায়ক্ৰমে চৰকাৰীভাৱে সহায় সহযোগ কৰিব বুলি বিধায়ক দুৰ্গাদাস বড়োৱে সাংবাদিকক জানিব দিয়ে৷

মৃত পংকজ দত্তৰ গৃহত উপস্থিত হোৱা বিধায়কৰ লগত চক্ৰ বিষয়া মৃদুল নাথ, অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক সুশীল সুত্ৰধাৰো উপস্থিত থাকে৷

Leave A Reply