নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত ভোটগ্ৰহণৰ দিনত চৰকাৰী বন্ধ ঘোষণা…

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি অসম চৰকাৰে ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে।

নিৰ্বাচনত ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ ভোটগ্ৰহণৰ তিনিটা দিন ক্ৰমে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট সমষ্টিত অনুষ্ঠিত হ’ব। সেইদৰে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁও সমষ্টিত অনুষ্ঠিত হ’ব। আনহাতে ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটী সমষ্টিক সামৰি ল’ব।

Related Articles