Breaking

ভূমিৰ অভাৱত গংগাধাৰ নৈৰ বুকুত নিৰ্মান কৰিলে চৰকাৰী গৃহ

0 2,022

জাতি, মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে ভূমিৰ অভাৱত চৰকাৰে দিয়া প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ গৃহ নিৰ্মান কৰিছে গংগাধাৰ নৈৰ বুকুত । দ্বীপ সদৃশ চৰ এখনত ওপৰা ওপৰিকৈ নিৰ্মাণ কৰিছে প্ৰায় এশ টা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ গৃহ । চৰ খন নিশ্চিত ভাবে নৈৰ বুকুত বিলীন হোৱা কথাটো জনা সত্বেও হিতাধিকাৰীয়ে নিৰ্মান কৰিবলৈ লৈছে প্ৰধান মন্ত্ৰী আবাশ যোজনাৰ গৃহ । ধুবুৰী জিলা গ্ৰাম্য বিকাশ অভিকৰণৰ হাতীধুৰা উন্নয়ন খণ্ডৰ কামানডাংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত জোংবন্ধা গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ গৃহ নিৰ্মাণত চৰম খেলি মেলি আৰু অনিশ্চয়তাই দেখা দিছে । উল্লেখ্য যে প্ৰায় কুৰি বছৰ পূৰ্বে অসম-বংগ সীমান্তৰ ধুবুৰী জিলাৰ কামানডাংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত  জোংবন্ধা গাঁও খন গৰাখহনীয়াৰ কবলত পৰি গংগাধৰ নদীৰ বুকুত সম্পূৰ্ণৰূপে বিলীনহৈ গৈছে । অসমৰ আন কোনো ঠাইত মাটি নথকাৰ বাবে উক্ত জোংবন্ধা গাঁও খনৰ ৰাইজে গাতে লাগি থকা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ছাটফলিমাৰী গাঁৱত গৈ অস্থায়ী ভাবে বসবাস কৰিবলৈ আৰম্ভ কৰে । তেতিয়াৰ পৰা জোংবন্ধা গাঁও খনৰ বাসিন্দা সকল পশ্চিমবংগৰ ভূখণ্ডত অস্থায়ী ভাবে বসবাস কৰি আহিছে যদিও অসমৰ নাগৰিক হিচাপে অসমত নিয়মিত ভাবে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে । শৈক্ষিক, আৰ্থিক আদি সকলো ক্ষেত্ৰতে পিছ পৰি থকা উক্ত জোংবন্ধা গাঁও খনৰ বাসিন্দা সকলক অলপ সকাহ দিয়াৰ উদ্যেশ্যেৰে কামানডাংগা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই গাঁও খনৰ প্ৰায় এশটা পৰিয়ালৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ মঞ্জুৰী দিয়ে । কিন্তু অসম চৰকাৰৰ আঁচনিৰ ধনেৰে পশ্চিমবংগৰ ভূমিত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আইন গত ভাবে বাধা থকাৰ বিপৰীতে অসমৰ কোনো ঠাইতে মাটি নথকাৰ ফলত উক্ত গাঁও খনৰ ৰাইজ প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আন এক অসুবিধাৰ সন্মুখীন হৈ পৰে । ইতিমধ্যে গংগাধৰ নদীৰ পানী কিছু কমি অহাত জোংবন্ধা গাঁও খনৰ কিছু অংশ ভাহি উঠি চৰত পৰিণত হয় । উপায়ন্তৰহৈ পৰা উক্ত ভূক্তভোগী লোক সকল অৱশেষত চৰত পৰিণত হোৱা গাঁও খনৰ আংশিক অংশত মঞ্জুৰীকৃত ধনেৰে প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ এশটা গৃহ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে । কিন্তু গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো আন এক সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে দূৰ্ভগীয়া হাতাধিকাৰী সকল । মঞ্জুৰীকৃত ধনৰ পৰা প্ৰথম কিস্তিৰ ধন হিচাপে লাভ কৰা ৩২,৫০০ টকাৰে হিতাধিকাৰী সকলে গৃহ সমুহ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও আজি এবছৰ উকলি যোৱাৰ পিছতো কামানডাংগা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই পৰবৰ্তী কিস্তিৰ ধন মোকোলাই দিয়া নাই । ফলত অৰ্ধনিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ সমুহ জহি খহি যাবলৈ আৰম্ভ কৰিছে । ফলত প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ নিৰ্মাণ কাৰ্য্য এক প্ৰহসনত পৰিনত হৈ পৰিছে । আনহাতে সকলো দিশতে অকল প্ৰবঞ্চনাৰ বলি হব লগা হৈছে এই সকল প্ৰকৃত অসমৰ নাগৰিকে । গতিকে চৰজমিন তদন্ত ক্ৰমে জোংবন্ধা গাঁও খনৰ স্থায়ী বাসিন্দা সকলৰ উক্ত সমস্যা সমুহ দূৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোঁজনা আঁচনিৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিয়াৰ বাবে  ভূক্তভোগী ৰাইজে উৰ্ধতন কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ ওচৰত দাবী জনাইছে । 

Leave A Reply