Breaking

ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন

0 40

বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা (পি এম এ ৱাই জি) আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মুঠ ৬০,৭০৬ টা আবাস গৃহ অনুমোদন দিছিল আৰু ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাসগৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। এই তথ্য সদৰি কৰিছে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই ৷

বুধবাৰে বঙাইগাঁও জিলা পৰিষদ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে বঙাইগাঁও জিলাৰ পাঁচটাকৈ উন্নয়ন খণ্ডক সামৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বঙাইগাঁও জিলাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত কয় যে প্রধান মন্ত্রী গ্ৰামীণ আবাস যোজনা (পি এম এ বাই জি) ,”সকলোৰে বাবে আবাস গৃহ” ভাৰত চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখনৰ অধীনত গ্রামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক আৱাস গৃহ প্ৰদানৰ কাম বঙাইগাঁও জিলাৰ গ্রামাঞ্চলতো চলি আছে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ‘সকলোৰে বাবে আৱাস গৃহ’ সুনিশ্চিত কৰাৰ লক্ষ্য পূৰণৰ পথত দৃঢ়তাৰে আগবাঢ়িছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ গ্রামাঞ্চলৰ উপযুক্ত আৱাস গৃহ নথকা দুখীয়া পৰিয়ালৰ বাবে এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাৰ বাবে বিগত ২০১৬-১৭ বিত্তীয় বর্ষত ৩,২৭৫ টা, ২০১৭-১৮ বিত্তীয় বর্ষত ৪৫৪ টা, ২০১৯-২০ বিত্তীয় বর্ষত ২,৮১৫ টা, ২০২০-২১ বিত্তীয় বর্ষত ৮,৩৮৩ টা, ২০২১-২২ বিত্তীয় বর্ষত ৪৫,০৭২ টা আৰু ২০২৩-২৪ বিত্তীয় বর্ষত ৭০৭ টাকে ধৰি মুঠ ৬০,৭০৬ টা আৱাস গৃহ অনুমোদন দিছিল ৷

ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাস গৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে ৷ আঁচনিখনৰ অগ্ৰগতিৰ হাৰ হৈছে ৯৩.৩ শতাংশ ৷ সংবাদমেলত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই উল্লেখ কৰা মতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত অৰ্থাৎ বিগত ৩০ মাহত বঙাইগাঁও জিলাত ৫ টা উন্নয়ন খণ্ডৰ অধীনত দুখীয়া পৰিয়ালক এটি আবাস গৃহ নির্মাণ কৰি দিয়াৰ লক্ষ্যৰে এই আঁচনিৰ অধীনত মুঠ ৫৪,৩৯৪ টা গৃহ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছিল। এতিয়ালৈ ইয়াৰ ভিতৰত ৫০,৩০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ হৈছে আৰু ৪,০৯৪ টা আবাস গৃহৰ নিৰ্মাণৰ কাম চলি আছে।

সংবাদ মেলত জিলা পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী বিষয়া কিশোৰ কলিতা, প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ সহকাৰী জিলা প্ৰকল্প পৰিচালক ছাইফল ইছলাম আৰু সহকাৰী পৰিসংখ্যা বিষয়া পিনাকপানী নাথ আদি উপস্থিত থাকে ৷

Leave A Reply