Breaking

মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা শিল্পী বঁটা…

0 17

গুৱাহাটীৰ শিল্পগ্রামত অনুষ্ঠিত এক অনুষ্ঠানত প্রতিভাসম্পন্ন যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ ২০২১-২০২২বর্ষৰ ‘যুৱ প্রতিভা শিল্পী বঁটা’ প্রদান কৰা হয়। অনুষ্ঠানত নাগালেণ্ডৰ ৰাজ্যপাল তথা উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ অধ্যক্ষ লা গণেশনে বঁটা প্রাপ্ত সকলো শিল্পীকে আনুষ্ঠানিকভাবে বঁটা প্রদান কৰে। আৰম্ভণিতে উত্তৰ পূৱ ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ সঞ্চালক ডা৹ প্রসন্ন গগৈয়ে আদৰণি ভাষণ দিয়ে। এই বঁটাত মানপত্র, ২০ হাজাৰ টকাৰ লগতে অংগবস্ত্র আগবঢ়োৱা হয়। যশস্বী মুকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাবধানত মূকাভিনয়ৰ পাঠ গ্রহণ মিনাংক ডেকাই ব্যতিক্ৰমী ৰূপেৰে মুকাভিনয়ক ৰাইজৰ মাজলৈ লৈ গৈছে।

উল্লেখযোগ্য যে মিনাংক ডেকাৰ উদ্যোগতেই ভাৰতৰ পৰা মুকাভিনয়ৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা প্ৰকাশ পাইছে। ইয়াৰ উপৰিও কোভিড মহামাৰীৰ সময়তো মুকাভিনয়ৰ জৰিয়তে মানুহৰ মাজত ব্যতিক্রমী ৰূপেৰে সজাগতা সৃষ্টি কৰা মিনাংক ডেকাই আছিল একমাত্ৰ মুকাভিনয় শিল্পী। ইয়াৰ উপৰিও পথ সুৰক্ষা, এইডছ, কেঞ্চাৰ, SAVE DEEPOR BEEL, স্বচ্ছতা, Cyber crime , Child marriage, Drugs, ইত্যাদি বহু উল্লেখনীয় বিষয় লৈ মিনাংক ডেকাই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। অসমৰ বহু ঠাইৰ লগতে দিল্লী, ভুবনেশ্বৰ,কলকাতা,ৰাজস্থান ইত্যাদিত মুকাভিনয় পৰিবেশন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ বাসিন্দা মিনাংক ডেকাই বৰ্তমান বহু অনুষ্ঠান প্ৰতিষ্ঠানত মুকাভিনয় প্ৰশিক্ষক ৰূপে কৰ্মৰত হৈ আছে।

Leave A Reply