Breaking

চৰকাৰৰ সঠকাৰি সিদ্ধান্ত, ধবংস দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

0 1,100

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে  (National Board for Wildlife of India) ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কায্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে  কাকপথাৰত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আৰু ডুমডুমাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰে লোৱা এনে সঠকাৰী সিদ্ধান্তক বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নৱ প্ৰজন্মসকলে পূৱৰ আমাজানখ্যাত উজনি অসমৰ বৰ্ষাৰণ্যসমূহৰ অবাধ ধ্বংসলীলা দেখি- শুনি উচুপি উঠিছে । প্ৰকৃতিপ্ৰেমীসকলে ভৱিষ্যতৰ ভয়াবহতাৰ পূৰ্বাভাষ পাই ক্ষুণ্ণ হৈ পৰিলেও প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম । উল্লেখ্য যে ডিগবৈ আৰু ডুমডুমা বন সংমণ্ডলৰ লগতে ডিব্ৰু- ছৈখোৱা বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চলসমূহ অস্তিত্বৰ সংকটত ভোগিছে।বনৰীয়া ঘোৰাৰ বাবে বিখ্যাত ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাতী নিচিহ্ন হোৱাৰ পথত। আনকি জৈৱ মণ্ডলীয় বনাঞ্চলযুক্ত ডিব্ৰু- ছৈখোৱাৰ মুখ্য আকৰ্ষণ বন- ঘৰচীয়া ঘোঁৰা লুণ্ঠনতো হাত দিছে সমাজৰ দীঘল হাতুৰাযুক্ত এচাম দুষ্কৃতিকাৰীয়ে। উজনিৰ বৰ্ষাৰণ্যসমূহৰ সুকাঠী গছসমূহ নিঃশেষ কৰাৰ পাছত এতিয়া দলং, গৃহ, আচবাব পত্ৰ, আনকি খৰিৰ বাবেও মূল্যবান হোলোং গছৰ শৰাধ পাতিছে। চৰকাৰে প্ৰদূষণমুক্ত সেউজ অসমৰ শ্ল’গান যিমানেই নিদিয়ক কিয়, বনজ সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে কোনো ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষাৰ ফলত ইয়াত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদকুল, পক্ষীকুল আৰু জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হ’ব। স্মতব্য যে, অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷

২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গকিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰে ৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৩ বিধ বনৰীয়া চৰাই, ৪০ বিধ সৰীসৃপ আৰু উভচৰ, ১৫৫ বিধ পখিলা চিনাক্ত কৰা হৈছে৷ এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সৰ্বোৎকৃষ্ট বাসস্থান৷ এই বনাঞ্চলত হলৌ বান্দৰকে ধৰি লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী, লতামাকৰী, গোধাফুটুকী, শৰপহু, বনৰৌ, কেটেলা পহু, কেঁকোৱা খোৱা নেউল, ভালুক আদি বন্যজীৱ পোৱা যায় ৷ চৰাইৰ ভিতৰতো হয়কলি, ৰাজধনেশ, দেওহাঁহ, হুদু, বাঢ়ৈটোকা, সাপকটা, শেন, ঈগল, চুলটান টিট, ৰূপহী, হাইঠা ইত্যাদি পৰিদৃষ্ট ৷ ভাৰতৰ ভিতৰতে কাঠনিৰ চৰাইৰ বাবে এই অঞ্চল সৰ্বপেক্ষা চহকী ৷ ইয়াত দেখা পোৱা চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত ৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী ৷ নামচাং আৰু বুঢ়ী দিহিঙৰ সংগমস্থলী দিহিং-পাটকাই বিভিন্ন প্ৰজাতিৰ মাছ আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদৰ্শ বাসস্থান ৷ বিশ্বৰ সৰ্বসংখ্যক দেওহাঁহৰ সংখ্যা সংৰক্ষিত হৈ আছে এই অৰণ্যতে ৷ তদুপৰি হলৌ বান্দৰৰো প্ৰধান আশ্ৰয়স্থল এই দিহিং-পাটকাই ৷ হলৌ বান্দৰৰ লগতে আন ছবিধ বান্দৰজাতৰ প্ৰাণীৰ আবাসস্থল এই বৰ্ষাৰণ্য৷ এই বৰ্ষাৰণ্যত প্ৰধানকৈ হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শাম-কঁ‌ঠাল, ভেৰ, শলখ, ঔটেঙা, আৰু বিভিন্ন প্ৰজাতিৰ ডিমৰু আদি উদ্ভিদ পৰিলক্ষিত হয় ৷ ইয়াৰ উপৰিও অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায় ৷ ইয়াৰে ৭৯ বিধ Epiphytic, ২১ বিধ স্থলজ আৰু এবিধ Saprophyte ৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ ভংগুৰ (vulnerable) হিচাপে শ্ৰেণীভুক্ত ৷ অন্যহাতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। ডিব্ৰু আৰু ছৈখোৱা এই দুয়োখন বনাঞ্চলক ১৮৯০ আৰু ১৯২৯ চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত দুয়োখন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কিছু এলেকা সামৰি ১৯৯৫ চনত ৩৪০ বৰ্গ কিঃমিঃ এলেকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল। ক্ৰমাগতভাৱে ১৯৯৭ চনত ৩৪০ বৰ্গ কিঃমিঃ অঞ্চলক মুখ্য অঞ্চল (Core-zone) আৰু ইয়াৰ চৌপাশৰ (পাৰ্শ্বস্থ ৩৮খন ৰাজহ গাঁও, সংলগ্ন অন্য এলেকা) ৪২৫ বৰ্গ কিঃমিঃ নিৰপেক্ষ অঞ্চল (Buffer Zone) হিচাবে লৈ ৭৬৫ বৰ্গ কিঃমিঃ অঞ্চলক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল (Dibru-Saikhowa Biosphere Reserve) হিচাবে ঘোষণা কৰা হৈছিল। পুনৰ ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা (Ferral Horse) পোৱা উদ্যান৷ এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি নামাকৰণ কৰাৰ ইতিহাস হ’ল এই ঘোঁৰাবোৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰা ৷যুদ্ধ অন্ত পৰাৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিনি বনত মুকলি কৰি দিযে৷এই ঘোঁঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে৷তদুপৰি এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁহ ( White-winged Wood Duck)ৰ আৱাসভূমি| |ইবিলাকৰ উপৰিও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহু(River dolphin)ৰ বাসস্থান|এই উদ্যানত কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম’হ (Wild Buffalo), বাঘ, হাতী, বন বোন্দা (Jungle Cat), উদ (Otter), মাছুৱৈ মেকুৰী (Fishing Cat), উৰণীয়া কেৰ্কেটুৱা (Flying Squirrel), হলৌ বান্দৰ (Goolock Gibbon), (Capped Langur), (Pigtail Macaque), শিহু (Dolphin), অসমীয়া বান্দৰ (Assamese Macaque) মলুৱা বান্দৰ (Macaca Macaque), লাজুকী বান্দৰ (Slowtoris)ৰ লগতে বিবিধ বৃক্ষ, তৃণ, লতা, ঔষধি গছ, কেইবাবিধো বনফুল (Orchid) ইত্যাদি পোৱা যায়।
প্রণিধান যোগ্য যে, লগ ডাউনৰ সময়চোৱাত প্ৰত্যেক নিশাই চলাচল কৰি আছে শ শ অৱৈধ কয়লা গাড়ী। কিন্তু মেকুৰীৰ ডিঙিত টলিঙা পিন্ধায় কোনে? অতি সম্প্ৰতি ৰাজ্য আৰু বহিঃ ৰাজ্যৰ পৰা কয়লা, কাঠ, সুৰা, তামোলকে ধৰি বিভিন্ন সামগ্ৰী পৰিবহণৰ বাবে অবাধে চলাচল কৰিছে ট্ৰাকসমূহ। উক্ত ট্ৰাক সমূহৰ চালক- হেণ্ডিমেনে যে কৰ’ণা কঢ়িয়াই নানিব তাৰ কোনো নিশ্চয়তা নাই। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাই সচেতন মহলক ভবাই তুলিছে।

Leave A Reply