Breaking

আই আই টি গুৱাহাটীত অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া “ইউনিকা ২০২৪” ৰ কাৰ্য্যসূচীৰ উন্মোচন ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ…

0 13

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত যোৱা ৬ এপ্ৰিলত সমগ্ৰ এছিয়াত ভাৰতীয় জ্ঞান উন্মোচন কৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলন (ইউনিকা ২০২৪)ৰ কাৰ্য্যসূচীৰ উন্মোচন অনুষ্ঠানটি সফল ভাবে সম্পন্ন হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ৰাজীৱ আহুজা, সন্মানীয় অতিথি হিচাপে দিগন্ত বিশ্ব শৰ্মা, সন্মিলনৰ উপদেষ্টা ড° সুব্ৰকমল দত্ত, ভাৰতীয় জ্ঞান ব্যৱস্থাৰ কেন্দ্ৰৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিত, আই আই টি গুৱাহাটী, আৰু ইউনিকা ২০২৪ৰ সাংগঠনিক সম্পাদক অধ্যাপক ললিত এম পাণ্ডে উপস্থিত থাকে। গুৱাহাটী আই আই টিত অহা ৩অক্তোৱৰৰ পৰা ৫ অক্টোবৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা “ইউৰিকা ২০২৪” আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কাৰ্য্যসূচীৰ উন্মোচন কৰি দিয়া ভাষণত অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই কয়, “ভাৰত জ্ঞানৰ আধাৰত বিশ্ব গুৰু হৈ আহিছে।

ভাৰতীয় জ্ঞান সমগ্ৰ মানৱ সমাজৰ উন্নতিৰ বাবে। কানাদ আৰু ভাস্কৰাচাৰ্যৰ দৰে ভাৰতীয় বিজ্ঞানীয়ে পশ্চিমীয়া বিজ্ঞানীৰ বহু আগতেই প্ৰকৃতিৰ বহু গোপনীয়তা উন্মোচন কৰিছে। আমি অৰ্থাৎ ভাৰতেই সমগ্ৰ বিশ্বক সংখ্যা ব্যৱস্থাৰ জ্ঞান দিবলৈ সক্ষম হৈছো। পাইথাগোৰাছ উপপাদ্য নামেৰে জনাজাত বস্তুটো বোধায়ানে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰে আমি আমাৰ হেৰুৱা ঐতিহ্য লাভ কৰিব পাৰো। নতুন শিক্ষা নীতি এন ই পি ২০২০ত উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰাচীন জ্ঞানৰ সৈতে সংযোগ স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। ভগৱানে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সকলোকে ২৪ ঘণ্টা সময় দিছে। জীৱনত সফল হ’বলৈ হলে এই ২৪ ঘণ্টাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব লাগিব বুলিও ৰাজ্যপাল গৰাকীয়ে লগতে কয়। ৰাজ্যপাল গৰাকীয়ে আৰু কয় যে, “প্ৰতিজন ব্যক্তিৰ এক বৃহৎ সম্ভাৱনা আৰু প্ৰতিভা আছে” তাক আমি অন্বেষণ কৰি উলিয়াই আনিব লাগিব। ভাৰতীয় জ্ঞানৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰাটো গুৱাহাটীৰ আই আই টিৰ এক বৃহৎ পদক্ষেপ, য’ত এছিয়াৰ আন দেশৰ পৰাও প্ৰতিনিধি উপস্থিত থাকিব।সভাত আই আই টি গুৱাহাটীৰ সঞ্চালক তথা ইউনিকা ২০২৪ৰ পৃষ্ঠপোষক অধ্যাপক ৰাজীৱ আহুজাই ভাৰতক বিশ্ব গুৰু হিচাপে স্থান দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। এই প্ৰচেষ্টাত আই আই টি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ চৰিত্ৰ বিকাশ আৰু মানসিক সুস্থতাৰ পোষকতাত ভাৰতীয় জ্ঞান পৰম্পৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।আই আই টি গুৱাহাটীৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ মুৰব্বী তথা ইউনিকা ২০২৪ৰ অধ্যক্ষ অধ্যাপক উদয় এছ দীক্ষিতে প্ৰকাশ কৰে যে, “আই আই টি গুৱাহাটীৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰই ভাৰতীয় জ্ঞানৰ বিভিন্ন দিশত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

আমি ২০২৪ চনৰ অক্টোবৰ মাহত UNIKAA নামৰ এখন বৃহৎ সন্মিলনৰ আয়োজন কৰিবলৈ আগবাঢ়ি আহিছোঁ। ভাৰত যুগ যুগ ধৰি বিশ্ব গুৰু হৈ আহিছে, আৰু আমাৰ পৰম্পৰাগত পদ্ধতিত গভীৰ প্ৰাচীন প্ৰজ্ঞা আছে যিয়ে আধুনিক যুগত সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। “ইউনিকা ২০২৪” সাংগঠনিক সম্পাদক অধ্যাপক ললিত এম পাণ্ডেই সন্মিলনৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি এই সন্মিলনৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই “ইউনিক ২০২৪” যুটীয়া সাংগঠনিক সম্পাদক তথা আই আই টি ৰোপাৰৰ অধ্যাপক পাউণ্ডাৰিকে। উল্লেখযোগ্য যে ২০২৪ চনৰ ৩ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ইউনিকা ২০২৪ৰ লক্ষ্য হৈছে সামগ্ৰিক স্বাস্থ্য, সাংস্কৃতিক ঐতিহ্য, আৰু আধ্যাত্মিক আখ্যানক সামৰি ভাৰতীয় জ্ঞানৰ প্ৰসাৰৰ বিষয়ে অন্বেষণ কৰা।

Leave A Reply