Breaking

গোবিন্দ ডেকাৰ প্ৰবন্ধ সংকলন উন্মোচন ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ…

0 26

“অসমীয়া মানুহে বিবেকৰ পৰিবৰ্তে আৱেগেৰেহে চলে” – শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত নিবন্ধকাৰ গোবিন্দ ডেকাৰ গ্ৰন্থ ‘প্ৰবন্ধ চয়ন ‘ উন্মোচন কৰি এই মন্তব্য কৰে প্ৰথিতযশা পণ্ডিত- সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই। সাম্প্রতিক কালত মান বিশিষ্ট প্ৰবন্ধৰ সংকলন পাবলৈ টান বুলিও বিশিষ্ট লেখক গৰাকীয়ে কয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্হিত থকা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ মহন্তই কিছুমান বিষয় সদা প্ৰাসংগিক হৈ থাকে আৰু কিছুমান বিষয় সময়ৰ লগে লগে অপ্ৰাসংগিক হৈ পৰে বুলি মন্তব্য কৰি গোবিন্দ ডেকাৰ কেতবোৰ প্ৰবন্ধই অনাগত দিনতো চিন্তাৰ খোৰাক যোগাই থাকিব বুলিও কয়। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তড়িৎ চক্ৰৱৰ্তী। সভাত নিবন্ধকাৰ গোবিন্দ ডেকায়ো নিজস্ব মনোভাৱ ব্যক্ত কৰে।


কেবাবছৰো ধৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশিত লেখক গোবিন্দ ডেকাৰ সমসাময়িক প্ৰসংগৰ বিভিন্ন প্ৰবন্ধৰ একত্ৰ সংকলন হৈছে “প্ৰবন্ধ চয়ন” ৰ উন্মোচনী অনুষ্ঠানত চলচ্চিত্র পৰিচালক তপন বৰদলৈ, দীপক দত্ত, ড০মনোৰঞ্জন শৰ্মা, ৰেণুকা বৰ্মন আদিয়ে বক্তব্য প্ৰদান কৰে।শলাকা শৰাই আগবঢ়ায় ইৰা ডেকাই।
হেমচন্দ্র পাঠকে আত ধৰা গ্ৰন্হ উন্মোচনী সভা খনৰ আৰম্ভণিতে চন্দন মহন্তই মহাপুৰুষ শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে।

Leave A Reply