Breaking

ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথে….

0 93

ক্ৰমাৎ জটিলতা ৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথ।খহি গৈছে দলংৰ এটা মূৰ।ৰক্ষা কৱছ গছজোপাও বাগৰি পৰিল।

ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী ভীমপৰা দলংৰ মূৰ যিকোনো মুহূৰ্ততে খহাই নিয়াৰ সম্ভাৱনাই দেখা দিছে।
কাৰণ দলংৰ এটা মূৰ বৰষুণৰ পানী আৰু খহনীয়াই পূৰ্বতকৈ অধিক তলৰফালে খহাই নিছে মাটি।কাষতে থকা গছজোপাৰ শিপাইহে দলংৰ মূৰটো ধৰি ৰাখিছিল যদিও আজি গছজোপাও বাগৰি পৰে।

ৰাইজে যাতে এইফালে যাওঁতে সাৱধানতা অৱলম্বন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বাঁহ,বস্তা পেলাইছিল যদিও আজি পৰিস্থিতি অতি বিপদজনক হৈ পৰিছে।দলংৰ ওপৰেদি আজি দিনটোত গাড়ী পাৰ হৈ যোৱাৰ বিপৰীতে গাড়ী অহা যোৱা কৰি আছে।অনতিপলমে ইয়াৰ প্ৰতিৰোধ নকৰিলে দুৰ্ঘটনাত যে পটিত হ’ব সেইটো নিশ্চিত।

সেয়েহে বৃহত্তৰ ৰাইজৰ একমাত্ৰ পথটো সংযোগ বিচ্ছিন্ন হোৱাৰ আগতে অতি সোনকালে মহকুমা প্ৰশাসন তথা লোকনিৰ্মাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰে তাৰে অনুৰোধ জনাইছে।

Leave A Reply