Breaking

শিশু শিক্ষা সমিতিৰ অন্তৰ্গত ডিমাকুছি শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস উদযাপন…

0 133

প্ৰায় দুই শতাধিক ককা-আইতাক চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে।

বৰ্তমান সময়ত সম্প্ৰতি বিশ্বায়নৰ যুগত ককা-আইতা সকলৰ প্ৰতি থকা দায়িত্ববোধ , ভক্তি , শ্ৰদ্ধা , সন্মান তথা স্নেহ কমি অহা পৰিলক্ষিত হৈ পৰিছে ৷ সাম্প্ৰতিক সময়ৰ এই মূল সমস্যাৰাজিক নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ , শিশু শিক্ষা সমিতি অসমে ১ জুন তাৰিখটো এক বিশেষ ব্যতিক্ৰমী দিৱস হিচাপে পালন কৰিছে ।

১ জুনৰ দিনটো সমগ্ৰ অসমতে শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহত ককা আইতা দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছে । ৰাজ্যৰ প্ৰতিটো স্থানতে বৰ্তমান প্ৰতিযোগিতাৰ পিছত দৌৰা আজিৰ প্ৰজন্মৰ বাবে ককা-আইতাৰ গুৰুত্ব তেনেই সীমিত হোৱা দেখা যায় ৷ যাৰ বাবে এতিয়া চৌদিশে নিতৌ বৃদ্ধি পাবলৈ লৈছে বৃদ্ধাশ্ৰম ৷ সাম্প্ৰতিক সময়ত যেন ককা-আইতা সকলৰ সমাজ তথা ঘৰখনৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে ।এখন সমাজ বা ঘৰৰ বাবে ককা-আইতাৰ প্ৰয়োজনীয়তা কিমান ? সচেতন ব্যক্তি সকলে নিশ্চয় অনুভৱ কৰে । বয়সৰ লগে-লগে বাৰ্ধক্যই কোঙা কৰা ককা-আইতা সকলৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি আৰু নাতি- নাতিনী সকলৰ ককা-আইতাৰ প্ৰতি ভক্তিভাৱ আৰু শ্ৰদ্ধা বৃদ্ধিৰ লক্ষ্যৰে আজি ১ জুনৰ দিনটো ককা-আইতা দিৱস হিচাপে পালন কৰা হৈছে ৷ বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি , অসমৰ নিৰ্দ্দেশত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস পালন কৰাৰ লগতে সমান্তৰালভাৱে ডিমাকুছি শঙ্কৰদেৱ শিশু নিকেতনতো দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰে ককা আইতা দিৱস ৷

ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য অনাথ কীৰ্তনীয়াই জনোৱা মতে বিশিষ্ট সমাজকৰ্মী তথা অভিভাৱক পৰেশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কাৰ্য্যক্ৰমণিকা অনুসৰি ককা-আইতা দিৱসৰ আঁত ধৰে উপ-প্ৰধান আচাৰ্য্য গোবিন্দ শৰ্মাই , বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মকান্ত দাসে , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ককা-আইতা সকলৰ প্ৰতি কেনে ধৰণৰ শ্ৰদ্ধা ভক্তি আচৰণ সকলো সাৰুৱা ভাষণেৰে বক্তৃতা প্ৰদান কৰে বিশিষ্ট যুৱ সাহিত্যিক , লেখক , ঔপন্যাসিক জয়ন্ত ৰাজবংশীয়ে । ইয়াৰ পিছতে নিকেতনৰ পদুলিৰ পৰা আদৰ সম্ভ্ৰাষণ জনাই ককা-আইতা সকলক আদৰি আনি তেওঁলোকৰ চৰণ ধুৱাই তিলক লগাই , একোখনকৈ ফুলাম গামোছাৰে সাদৰ সম্ভ্ৰাষণ জনাই ককা-আইতা সকলক সেৱা সুশ্ৰষা জনাই ছাত্ৰ ছাত্ৰী সকলে । ককা-আইতা সকলৰ প্ৰতি নাতি-নাতিনীৰ শ্ৰদ্ধা আৰু ভক্তিভাৱ বৃদ্ধিৰ লক্ষ্যৰে পালন কৰা হয় এই বিশেষ ব্যতিক্ৰমী দিৱসটি ৷

ডিমাকুছি শঙ্কৰদেৱ শিশু নিকেতনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা ককা-আইতা দিৱসত ককা-আইতা সকলক নিকেতনলৈ আমন্ত্ৰণ কৰি আনি নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে চৰণ ধূৱাই , শ্ৰদ্ধা সন্মান জনাই আশীৰ্বাদ লৈ ককা-আইতা আৰু নাতি-নাতিনী সকলৰ মাজত মত-বিনিময় , বিভিন্ন গীত-মাত , নৃত্য প্ৰদৰ্শন কৰি এক সৰ্বাঙ্গ সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰে । নিকেতনত বৃহস্পতিবাৰৰ দিনটোত উপস্থিত থকা ককা-আইতা আৰু নাতি-নাতিনী সকলে এক আৱেগিক মুহূৰ্ত্ত অতিবাহিত কৰে ৷ শিশু শিক্ষা সমিতিৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰধান আচাৰ্য্যৰ লগতে নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা, ছাত্ৰ-ছাত্ৰী , ককা-আইতা, অভিভাৱক- অভিভাৱকাসকলে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও প্ৰসংশাৰে উপচাই পেলায় । ককা-আইতা দিৱস উদযাপন অনুষ্ঠানত নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় দুই শতাধিক অভিভাৱক আৰু ককা আইতা উপস্থিত থাকে ।

Leave A Reply