Breaking

নাজিৰা মহাবিদ্যালয়লৈ গ্ৰন্থ দান

0 2,244

 শিৱসাগৰ জিলাৰ অন্যতম ইতিহাস  সমৃদ্ধ অঞ্চল ৰূপে পৰিচিত নাজিৰাৰ মাদুৰি অঞ্চলৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ কবি সাহিত্যিক “নাজিৰা ডালিমা বাখৰ কছাৰী কমল” খ্যাত প্ৰয়াত কমল কছাৰীৰ ব্যক্তিগত পুথিভঁৰালৰ সমগ্ৰ গ্ৰন্থ নাজিৰা মহাবিদ্যালয়ক দান কৰে পৰিয়ালবৰ্গই। নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ তেখেতৰ পৰিয়ালবৰ্গৰ হৈ পুত্ৰ তথা  শিল্পী মানৱতা প্ৰাণ কছাৰীয়ে ২৬ নৱেম্বৰত মহাবিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিক ভাৱে দান কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ড০ ৰাজু ফুকন আৰু গ্ৰন্থগাৰিক ডo ৰাজেন্দ্ৰ মোহন  দেৱ শৰ্মাই গ্ৰন্থ সমূহ গ্ৰহণ কৰি এই মহানুভতাৰ বাবে প্ৰয়াত কমল কছাৰীৰ পৰিয়ালবৰ্গক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সামাজিক স্বাৰ্থৰ বাবে এনেদৰে গ্ৰন্থ দান কৰিবলৈ ৰাইজক আহ্বান জনায়।

Leave A Reply