বানপানীৰ কবলত বৃহত্তৰ কপাহবাৰী

হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কপাহবাৰী,পাবিজুৰী,কৰৈয়ুনী পদুম পুখুৰী , উত্তৰ ডিমৰু পাৰ আদি কৰি কেইবাখন গাৱৰ ৰাইজ বানপানীৰ কবলত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে। হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বানপানীৰ কবলত পৰি খেতি-বাতি বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। বানপানীৰ ফলত বিদ্যুৎৰ খুটা পানীত পৰি বিদ্যুৎ বিচ্ছিন্ন হৈ আছে এই বৃহত্তৰ  অঞ্চলটোত। কিন্তু ৰাইজৰ দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত নাই স্থানীয় বিধায়ক ছিৰাজ উদ্দিন আজমলৰ তথা চৰকাৰৰ আমোলা বিষয়া কৰ্মচাৰী সকল। নিৰ্বাচনৰ সময়ত সমষ্টিবাসী ৰাইজক উন্নতিৰ ফুলজাৰি মাৰি সাধাৰণ ৰাইজৰ পৰা ভোট আদায় কৰি এক প্ৰকাৰ নিৰুদ্দেশ হৈ আছে এ আই ইউ ডি এফ দলৰ বিধায়ক ছিৰাজ উদ্দিন আজমল৷ উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে ভুক্তভোগী ৰাইজে সহায় বিচাৰি স্থানীয় বিধায়কৰ লগতে চৰকাৰক কাতৰ আহ্বান জনায়।

Related Articles