Breaking

সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনাক বুঢ়া আঙুলিঃ শিৱসাগৰত অব্যাহত কয়লাৰ ছিণ্ডিকেট

0 52

দূৰ্নীতি তথা অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে বৰ্তমানৰ শাসনাধিস্থ চৰকাৰে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় চৰকাৰী পক্ষৰে একাংশ বাঘা বাঘা নেতাৰ পৃষ্ঠপোষকতাত অবিভক্ত শিৱসাগৰ জিলাত অব্যাহত আছে শিল ,কয়লা , পাণ , চুপাৰী , বিভিন্ন প্ৰতিষ্ঠানৰ ঠিকা কামৰ অবাধ ছিণ্ডিকেট। শিৱসাগৰ আৰু চৰাইদেউ জিলাত একাংশ প্ৰভাৱশালী দলীয় নেতাৰ পৃষ্ঠপোষকতাত পুনৰ সক্ৰিয় হৈ পৰিছে এই কয়লাৰ ছিণ্ডিকেট। আৰক্ষী – প্ৰশাসনৰ একাংশ বিষয়াই এই ছিণ্ডিকেট চক্ৰটোক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰাৰো অভিযোগ উঠিছে।

নৱগঠিত চৰাইদেউ জিলাৰ নিমনাগড় , মথুৰাপুৰ আদিৰ ভালেকেইটা অঞ্চলত একাংশ প্ৰভাৱশালী লোকে অবৈধ প্ৰক্ৰিয়াৰে কয়লাৰ ডিপো স্থাপন কৰি অভিনৱ পন্থাৰে অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী , বিহুবৰ , চূণপোৰা , শিমলুগুৰি , হালোৱাটিং আমগুৰিকে ধৰি কেইবাটাও স্থানত একাংশ প্ৰভাৱশালী লোকে বিশেষ বিশেষ ব্যক্তিক মেনেজ কৰি কয়লাৰ ছিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উঠিছে। যোৱা ২৪ নৱেম্বৰৰ নিশা গোলাঘাটৰ পৰা অহা আৰক্ষীৰ এটা দলে নাজিৰা মহকুমাৰ চূণপোৰা অঞ্চলৰ জমিৰ নামৰ এগৰাকী ব্যক্তিৰ কয়লাৰ ডিপোত অভিযান চলায় । কৰ ফাকিৰে ডিপো চলাই থকা এই ব্যক্তি গৰাকীৰ নথি – পত্ৰ আৰক্ষীয়ে জব্দ কৰে ইয়াৰ লগতে সাতখনকৈ অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাকো জব্দ কৰে ।

উক্ত ঘটনাৰ ৪৮ ঘণ্টা পাৰ ন’হওতেই নাজিৰাৰ শিমলুগুৰি আৰক্ষীয়ে আন চাৰিখন অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাক জব্দ কৰা বিষয়টোয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । শুক্ৰবাৰে পুৱতি নিশা শিমলুগুৰি আৰক্ষীয়ে এএছ ১৯ এ চি – ২৭৮৪ , ডব্লিউ বি – ৫৯ চি – ২৯১১ , এ এছ – ০১ জি চি – ৩৯৯২ আৰু ডব্লিউ বি – ৫৯ বি – ৯৩২৬ নম্বৰৰ অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয়। এক সুত্ৰৰ পৰা জনা মতে কেউখন ট্ৰাক চৰাইদেউ জিলাৰ নিমনাগড়ত থকা জাগীৰোডৰ ইটাভাতালৈ নিয়া হৈছিল ।

ইফালে গোলাঘাটৰ আৰক্ষীয়ে শিৱসাগৰত আহি সাতখনকৈ কয়লা পৰিবাহী ট্ৰাক জব্দ কৰাৰ পিছত নাগালেণ্ডৰ পৰা নাজিৰা মহকুমাৰ বিহুবৰ , গেলেকী , নামতি , নাজিৰা আদৰ্শ আৰক্ষী থানাৰ সন্মুখেদি বিভিন্ন প্ৰান্তলৈ যোৱা ট্ৰাকসমূহ পৰহিৰ পৰা এক বিশেষ স্থানত ৰাখি কেইবাখনো কয়লা পৰিবাহী ট্ৰাকে তিৰ্পালেৰে কয়লাসমূহ ঢাকি সময় আৰু সুযোগ বুজি আৰক্ষী থানা কেইখনৰ সন্মূখেদিয়েই নিশা বৰ আলিয়েদি শিৱসাগৰ নগৰ আৰু জয়সাগৰৰ দিশে গতি কৰে । নিশা আৰক্ষীৰ টহলদাৰী দলে এই ট্ৰাকসমূহৰ পৰা বুজন পৰিমাণৰ ধন লৈ অনায়াসে এলেকা পাৰ হোৱাত সহায় কৰে বুলি অভিযোগ উত্থাপিত হৈছে । সেউজ প্ৰাধিকৰণৰ , চৰকাৰ তথা ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এনেদৰে আৰক্ষী – প্ৰশাসনৰ সহযোগত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত থকা বিষয়টোয়ে ব্যাপক আলোড়ন সৃষ্টি কৰিছে । 

Leave A Reply