মাজুলীত ক’ভিড চেন্টাৰ আৰু ক’ভিড চিকিৎসালয়ৰ চাফাই কৰ্মী সকলক সম্বৰ্ধনা

উজনি-মাজুলীঃ মাজুলী জিলাত ক’ভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিড চিকিৎসালয়ৰ চাফাই কৰ্মী সকলক গান্ধী জয়ন্তীৰ পৱিত্ৰ উপলক্ষত শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায় মাজুলী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে। ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰ তথা চিকিৎসালয়ত বিগত ছমাহে চাফাই কাৰ্যত নিয়োজিত হৈ থকা ২১গৰাকী চাফাইকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ড, জেংৰাইমুখ আদৰ্শ চিকিৎসালয় আৰু গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত সেৱা আগবঢ়োৱা এই ক’ভিড যোদ্ধাসকলক উপায়ুক্ত কৈৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত (উন্নয়ন) নৰেণ দাস, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অৰিন্দম বৰুৱা, নিৰ্বাচনী বিষয়া কাকুমণি শইকীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নীলকান্ত পেগুৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোটিকৈ উপাহাৰৰ টোপোলাও প্ৰদান কৰে। কমলাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ বিমল পেগুসহ জিলা স্বাস্থ্য বিভাগৰ একাধিক বিষয়া-চিকিৎসক আৰু এন এইচ এমৰ জিলা প্ৰকল্প প্ৰৱন্ধকেও অংশগ্ৰহণ কৰা এই অনুষ্ঠানত চাফাইকৰ্মীসকলক অভিনন্দন জনাই উপায়ুক্ত গৰাকীয়ে কয় বিগত ছমাহৰো অধিককাল মাজুলী জিলাত ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে চলোৱা যুঁজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমাৰ চাফাইকৰ্মীসকলে। এই যুঁজত সবাতোকৈ বেছিকৈ সংক্ৰমণত আক্ৰান্ত হোৱাৰ আশংকা থকা দায়িত্বটোৱেই হৈছে ক’ভিড আক্ৰান্তসকলে স্পৰ্শ কৰা আহাৰৰ পেকেট তথা আন ব্যৱহৃত সামগ্ৰীসমূহ পৰিষ্কৰণৰ কামখিনি। যিসময়ত সমাজৰ সকলোৱেই ভয়-শংকা-সন্দেহৰ মাজত আছিল, সেইখিনি সময়তে আমাৰ চাফাইকৰ্মীসকলে সাহস আৰু নিষ্ঠাৰে সুচাৰু ভাৱে সেৱা আগবঢ়াই ক’ভিড প্ৰতিৰোধৰ অভিযানত বিশেষ অৱদান যোগালে। তেওঁলোকৰ এই নিষ্ঠাপূৰ্ণ সেৱাক সমাজৰ সকলোৱেই সন্মান জনোৱা উচিত।” অনুষ্ঠানত উপায়ুক্ত কৈৰীয়ে এই ক’ভিড যোদ্ধা তথা চাফাইকৰ্মীসকলৰ সৈতে মত বিনিময়ো কৰে।

Related Articles