পৱিত্ৰ ঈদ ঊজ জোহালৈ শুভেচ্ছা: কাইলৈ পুৱা আঠ বজাত অনুষ্ঠিত হ’ব ঈদৰ নামাজ…

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ অৰ্থাৎ ১৭ জুনত পালন কৰিব পৱিত্ৰ ঈদ ঊজ জোহা। ত্যাগৰ উৎসৱ ঈদ ঊজ জোহাৰ লগত সংগতি ৰাখি দুই ৰাকাত ৱাজিৱ নামাজ ৰাইজে একত্ৰ ভাৱে আদায় কৰিবলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে ঈদগাহ ময়দান সমূহৰ লগতে মছজিদ সমূহো সজাই পৰাই তুলিছে। জানিব পৰা অনুসৰি কাইলৈ পুৱা প্ৰায় ৮ বজাতেই শিৱসাগৰৰ প্ৰায় বিলাক মছজিদ আৰু ঈদগাহত ঈদৰ নামাজ অনুষ্ঠিত কৰা হ’ব।

ইতিমধ্যে অসমৰ আন আন জিলাৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাখনতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ ঊজ জোহা পালন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্নজনে ইছলাম ধৰ্মাৱলম্বী লোক সকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ নেতা শুভ্ৰমিত্ৰ গগৈয়েও সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কাকতলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। প্ৰেৰিত বিজ্ঞপ্তিটোত কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰিছে যে – বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ লগতে শিৱসাগৰ জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ উদযাপন কৰিব ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ ঊজ জোহা। আনহাতে বিশ্বৰ বিভিন্ন দেশৰ লগতে শিৱসাগৰ জিলাখনৰ পৰাও বহু লোক চৌদি আৰবৰ পৱিত্ৰ মক্কালৈ হজ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱাৰ লগতে পৱিত্ৰ ঈদ ঊজ জোহা মক্কাতেই তেওঁলোকে পালন কৰিব। বৰ্তমান ত্যাগৰ উৎসৱ ঈদ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কংগ্ৰেছ নেতা গৰাকীয়ে বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

Related Articles