ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হোমত যোৱা ২৯ জুন তাৰিখে এগৰাকী প্ৰসুতিয়ে চিকিৎসকৰ ভুলৰ বাবে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছিল । ওঝা নাৰ্চিং হোমত কৰ্মৰত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ ফলত ফিল’বাৰী বৰগাওঁৰ শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী (২৯) নামৰ প্ৰসুতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰসুতীগৰাকী ঘৰৰ পৰা সু-শৰীৰে ডুমডুমাৰ ওঝা নাৰ্চিং হোমলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসুতিগৰাকীৰ মৃত্যু হৈছিল । পিছত চিকিৎক ডাঃ প্ৰকাশ গুপ্তা আৰু ওঝা নাৰ্ছিং হোম কতৃপক্ষই ঘটনাক অন্য এক ৰূপ দিয়াৰ চেষ্টা কৰি প্ৰসুতিগৰাকীক ডুমডুমাৰ পৰা এখন এম্বুলেঞ্চেৰে তিনিচুকীয়াৰ আৰ. চি. আগৰৱালা নামৰ এখন ব্যক্তিগত নাৰ্চিং হোমত লৈ যায় । তাৰ পাছতেই প্ৰসুতিগৰাকীক পুণৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতেই চিকিৎক  গৰাকী উক্ত স্থানৰ পৰা পলায়ন কৰে। আজি প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল’বাৰী বৰগাওঁস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, উপ সভাপতি অনিৰুদ্ধ মৰাণ, দিলিপ মৰাণ, প্ৰতাপ মৰাণ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক তমাল গুপ্তা , চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি সমীৰণ বৰা, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নোমল ছেত্রী, জিলা সভাপতি সন্তোষ ছেত্রী, সম্পাদক অশোক কুমাৰ লামা ,উপ- সভাপতি দুৰ্গা ছেত্রীকে আদি আটাইকেইটা সংগঠনৰ জিলা আৰু আঞ্চলিক পৰ্য্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে । আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই অভিযুক্ত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্চিং হোমৰ বিৰুদ্ধে তদন্ত কৰি উচ্চিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাবলৈ জিলা উপায়ুক্ত আৰু  জিলা আৰক্ষী অধীক্ষকক দাবি জনাইছে  লগতে তদন্ত সম্পূৰ্ণ নোহোৱাৰ আগত ডুমডুমা স্থিত ওঝা নাৰ্ছিং হোম বন্ধ ৰাখিবলৈ দাবী তুলিছে দল সংগঠনে। অন্যহাতে, প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ তিনি বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত নিৰাপত্তাৰ লগতে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই । ইফালে আজি প্ৰয়াত প্ৰমীলা ছেত্রীৰ বাসগৃহত উপস্থিত হয় ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ সাংসদ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ। মুলেন্দ্ৰ মৰাণে আমাক জানিবলৈ দিয়া মতে ডুমডুমা ওঝা নাৰ্ছিং হোমত চিকিৎসকৰ ভুলৰ বাবে যি আকস্মিক ঘটনা হৈ গল উক্ত ঘটনা অতি ক্ষিপ্ৰতাৰে তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়াৰ লগতে দুখীক উচিত শাস্তি প্ৰদান কৰিব বুলি উল্লেখ কৰে । লগতে সাংসদ প্ৰতিনিধি গৰাকীয়ে মৃতকৰ আদ্য শ্ৰাদ্ধৰ বাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ।

Related Articles