টংলা পৌৰ সভাৰ উদ্যোগত টংলাত সমূহীয়া চাফাই অভিযান

মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি পুৱা ৯বজাৰ পৰা স্বচ্ছ ভাৰত মিছন (নগৰ),টংলা পৌৰ সভা ,হৰিশিঙা চক্ৰ বিষয়া কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগ টংলা সংগমণ্ডলৰ যৌথ উদ্যোগত সামূহিক চাফাই অভিযানৰ অন্তত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয়। টংলা পৌৰসভাৰ কাৰ্যালয়ৰ পৰা খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ তথা সভাপতি দিলীপ বড়ো আৰু হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথৰ নেতৃত্বত স্বচ্ছ ভাৰত মিছন ,নগৰ ,টংলা পৌৰ সভাৰ চাফাই কৰ্মীৰ লগতে চক্ৰ বিষয়া কাৰ্যালয়ৰ দহ গৰাকী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দহ গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি টংলা বজাৰ খোলা, চাৰিআলি ,তিনিআলি,ৰেল ষ্টেচন আদিত হাতে হাতে ঝাড়ু লৈ সমূহীয়া চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ সফল সমাপ্তিৰ পিছতে টংলা পৌৰ সভাৰ সভাগৃহত চক্ৰ বিষয়া মনীষা নাথৰ সঞ্চালনত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয়।২৮গৰাকী পুৰুষ আৰু মহিলা চাফাইকর্মী ,৮জন ড্ৰাইভাৰ,লেবাৰক ফুলাম গামোচা ,চাৰ্ট আৰু শাৰীৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles