Breaking

জিএছএ বি আৰু চি ডিভিজন লীগ, ৰাজবাৰী আৰু নাৰেংগী ৰয়েল্‌ছৰ জয়

0 63

ৰাজবাৰী এথলেটিক ক্লাব আৰু নাৰেংগী ৰয়েল এফচিয়ে বৃহস্পতিবাৰে গুৱাহাটী ক্ৰীড়া সন্থাই নেহৰু ষ্টেডিয়ামত আয়োজন কৰা ২০২৩-২৪ বৰ্ষৰ বি আৰু চি ডিভিজন ফুটবল লীগত জয় সাব্যস্ত কৰিছে ৷

বি ডিভিজনৰ মেচত ৰাজবাৰী এচিয়ে উদয়ন কৃষ্টি সংঘক ২-১ গ’লত পৰাস্ত কৰে ৷ ৰাজবাৰীৰ হৈ য়াইমা সিং (৩৭’) আৰু ৰাজু সিঙে (৫৫’) গ’ল দিয়ে ৷ উদয়নৰ হৈ গ’ল দিয়ে নাজিবুল ইছলামে (২২’) ৷ ৰাজু সিঙক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান কৰে সন্থাৰ যুটীয়া সম্পাদক কাজল পাল চৌধুৰীয়ে ৷ চি ডিভিজনত নাৰেংগী ৰয়েল এফচিয়ে ৯১ য়াৰ্ডছ ক্লাবক ৪-১ গ’লত পৰাস্ত কৰে ৷ নাৰেংগী ৰয়েল্‌ছৰ হৈ দ্বিমা ব্ৰহ্মা (২১’), হাডোৰ্ষা নাৰ্জাৰী (৪২’, ৭১’) আৰু হিতেলো মাঘে (৫৭’) গ’ল দিয়ে ৷ নাৰেংগীৰ ভিছিয়েটো থাপ্ৰুক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ ৰাজবংশীয়ে ৷

Leave A Reply