GST । চলিত মাহৰ অন্তিমত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত জি.এছ.টি. (GST) সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে গুরুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সূত্ৰ অনুসৰি, ১২ শতাংশ জি.এছ.টি. স্লেবত পৰিৱর্তন, লগতে Compensation Cess আঁতৰাই নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ লৈ আলোচনা চলিছে।
এই সম্ভাৱ্য নতুন ব্যৱস্থাৰ প্ৰভাৱত চিগাৰেট, সুৰা, ধঁপাতজাতীয় সামগ্ৰী আৰু দামী গাড়ীৰ মূল্য যথেষ্ট বৃদ্ধি হ’ব পাৰে।
চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীক এতিয়াও ‘Sin Goods’ হিচাপে গণ্য কৰা হয় — অৰ্থাৎ জনস্বাস্থ্যৰ দৃষ্টিকোণত ক্ষতিকাৰক সামগ্ৰী বুলি শ্ৰেণীবদ্ধ। এতিয়া এই সামগ্ৰীবোৰৰ ওপৰত ২৮% জি.এছ.টি. থাকিলেও, ইয়াৰ লগতে Compensation Cess নামত একাধিক আৰ্থিক ভাৰ আৰোপ কৰা হৈছিল।
নতুন প্ৰস্তাৱ অনুসৰি, এই Compensation Cess আঁতৰাই তাৰ সলনি নতুন এককৰ কাঠামো প্ৰৱৰ্তন কৰা হ’ব, যাৰ অন্তৰ্গত:
- চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ।
- সুৰাৰ ওপৰত কড়া মূল্যবৃদ্ধি সম্ভাৱনা।
- দামী গাড়ী আৰু কয়লাৰ ক্ষেত্ৰত ‘Clean Energy Cess’ নামত নতুন চেছ প্ৰৱৰ্তন।
বিশ্লেষকৰ মতে, এই নতুন ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে —
১) ৰাজহ বৃদ্ধি কৰা,
২) জনস্বাস্থ্য ৰক্ষা কৰা,
৩) পৰিৱেশ বান্ধৱ নীতিত উৎসাহ প্ৰদান।
উর্ধ্বতন সূত্ৰৰ মতে —
“চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত এই প্ৰস্তাৱসমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী আৰু দামী গাড়ীৰ ওপৰত নতুন কৰ আৰোপ প্ৰায় নিশ্চিত।”
উল্লেখ্য যে, এই সিদ্ধান্তৰ প্ৰভাৱত সাধাৰণ ৰাইজৰ ওপৰত পৰিব পৰা প্ৰত্যক্ষ আৰ্থিক ভাৰ নিয়া লৈ বিতৰ্কও সৃষ্টি হ’ব পাৰে। তদুপৰি, Sin Goods আৰু Luxury Goodsৰ ওপৰত অধিক চাপ সৃষ্টিৰ বাবে, এই উদ্যোগক বহুতো চৰকাৰ-পৰ্যায়ৰ গোষ্ঠীয়ে সমৰ্থন জনাইছে।