মহাৰাষ্ট্ৰত নতুন ৰোগৰ আতংক৷ গুইলেন বেৰী চিন্দ্ৰমত আক্ৰান্ত হৈ মৃত্যু মানুহৰ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে ১০০ জনৰো অধিক লোক৷ (Guillain-Barre Syndrome)হঠাৎ দুৰ্বল হৈ পৰে GBSত আক্ৰান্ত ৰোগী৷ মাংসপেশী অসাৰ আৰু দুৰ্বল হৈ পৰাৰ লগতে দুভৰিৰ সঞ্চালন, খাদ্যগ্ৰহণ আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰতো সৃষ্টি হয় সমস্যাৰ৷
গুইলেইন-বাৰে চিনড্ৰম হৈছে এক বিৰল স্নায়ুজনিত ৰোগ যিয়ে কেইদিনমানৰ ভিতৰতে শৰীৰক আঘাত কৰি পেলাব পাৰে। স্নায়ু দুৰ্বল হ’বলৈ ধৰে, পেশীবোৰ অজ্ঞান হৈ পৰে। ৰোগীৰ প্ৰায়ে খোজ কঢ়া বা কথা কোৱাৰ ক্ষমতা নাথাকে।
গুইলেইন-বাৰে চিণ্ড্ৰম ক্ৰমান্বয়ে চিন্তাৰ কাৰণ হৈ পৰিছে। এই ৰোগৰ বাবে মহাৰাষ্ট্ৰত এজন লোকৰ মৃত্যু হৈছে। পুনেত আক্ৰান্তৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পাইছে, ইয়াৰে কমেও ৬০ জনৰ অৱস্থা সংকটজনক। ভেণ্টিলেটৰৰ সহায়ত ৰাখিব লগা হৈছিল। মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি আক্ৰান্তসকলৰ ভিতৰত ১৯ জনৰ বয়স ৯ বছৰৰ তলৰ। চিকিৎসকৰ মতে এই ৰোগ এটা ভাইৰাছৰ দ্বাৰা হয়।
এই ৰোগ কেইবাবিধো ভাইৰাছৰ সংক্ৰমণৰ ফলত হ’ব পাৰে, যেনে কম্পাইল’বেক্টেৰ আৰু চাইট’মেগাল’ভাইৰাছ। শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা সুস্থ হৈ উঠা বা ভাইৰাছৰ গেষ্ট্ৰ’এণ্টেৰাইটিছৰ দৰে ৰোগ হোৱা লোকৰ পিছলৈ গুইলেইন-বাৰে চিনড্ৰম হোৱাটো সাধাৰণ কথা। কেতিয়াবা কোনো ঔষধ বা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এই ৰোগ হ’ব পাৰে।
পুনেত আক্ৰান্তৰ বহুতৰে শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ সমস্যা দেখা গৈছে। অক্সিজেনৰ সহায়ৰ প্ৰয়োজন। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সেই ৰোগীসকলৰ তেজৰ নমুনা পৰীক্ষা কৰি আছে। আক্ৰান্ত ৯ জনৰ শৰীৰত ন’ৰ’ভাইৰাছ পোৱা গৈছিল, আৰু ইয়াৰে ৩ জনৰ তেজত Campylobacter jejuni নামৰ এক প্ৰকাৰৰ ভাইৰাছ পোৱা গৈছিল।

