Breaking

ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন যোগাসন অনুষ্ঠানৰ গিনিজ বিশ্ব অভিলেখ

0 37

এক ঐতিহাসিক মুহূৰ্ত! বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ জৰিয়তে যোগ অধিবেশনত অধিকাংশ দেশৰ লোকে অংশগ্ৰহণ কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে।

এই যোগ অধিবেশনত ১৩৫খন দেশৰ লোকে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এই কৃতিত্ব সন্দৰ্ভত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয়, ‘২০১৪ চনৰ ডিচেম্বৰ মাহত পি এম মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাতেই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে লিপিবদ্ধ কৰা হৈছিল। গতিকে, প্ৰধানমন্ত্ৰীয়ে আমাক যোগাসন কৰাত নেতৃত্ব দিয়াটো আমাৰ আৰু ৰাষ্ট্ৰসংঘৰ বাবে গভীৰ সন্মানৰ বিষয় আছিল। এটা অভিলেখো স্থাপন কৰা হ’ল এটা ঠাইত সৰ্বাধিক যোগ অংশগ্ৰহণকাৰীৰ সংখ্যাৰে ।”

ৰাষ্ট্রসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত অভিলেখ সংখ্যক দেশে অংশগ্রহণ কৰে। নিউয়ৰ্কত হোৱা এই কাৰ্যসূচীত একেলগে ১৩৫খন দেশে ভাগ লয়। যাৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল এই অভিলেখ। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হয় গীনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ।

Leave A Reply