ডিজিটেল ডেস্ক: Gujarat । গুজৰাটৰ মহীসাগৰ নদীৰ ওপৰত অৱস্থিত এটা পুৰণি দলং ভাঙি পৰাৰ ফলত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এই মুহূৰ্তলৈ ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা এই দুঃখজনক ঘটনাটো সংঘটিত হয়, য’ত প্ৰায় ৫খন বাহন পানীত পৰি যায়।

পোৱা তথ্য অনুসৰি, উক্ত দলংখন ১৯৮১চনৰ পৰা ১৯৮৫চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। বহুদিন ধৰি ব্যৱহাৰ হৈ অহা এই দলংখন ইতিমধ্যে যথেষ্ট দুৰ্বল হৈ পৰিছিল। এই কথা বিবেচনা কৰি গুজৰাট চৰকাৰে শেহতীয়াকৈ ২১২ কোটি টকা ব্যয়ত দলংখনৰ সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সেই অনুসৰি, অতি গধুৰ বাহনসমূহৰ যাতায়াতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যদিও একাংশই এই নিৰ্দেশনা উপেক্ষা কৰিছিল বুলি অভিযোগ উঠিছে।
ঘটনাৰ পিছতেই গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গম্ভীৰভাৱে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ বিশেষজ্ঞৰ এটা দলে ঘটনাস্থলী পৰিদর্শন কৰি তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশো প্ৰদান কৰিছে।
এই দুৰ্ঘটনাই পুনৰ চৰকাৰী নিৰ্মাণ প্ৰকল্পৰ গুণগত মান আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। আহত আৰু নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৰাজ্য চৰকাৰে।