Breaking

বৰপেটাৰ ১১খন বিদ্যালয়ত সফলতাৰে অনুষ্ঠিত হৈ গ’ল গুণোৎসৱ 

0 1,052

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কালি সমাপ্ত হয়। বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ত কালি সফলতাৰে গুণোৎসৱ অনুষ্ঠিত হৈ যায়। এই ১১খন বিদ্যালয়ৰ বাবে শিক্ষা বিভাগে চাৰিজন বহি:মূল্যায়ক , ২ জন যোগযোগকাৰী বিষয়া আৰু ১১জন নডেল শিক্ষক নিয়োগ কৰিছিল। ৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছা আৰু দেশভক্ত হাইস্কুলৰ বাবে ভৱানীনুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আব্দুল গফুৰ, ১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০হিতেশ চন্দ্ৰ ৰয় , উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়, হেলছা গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাইজুদ্দিন আহমেদ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু এন কে হাইস্কুলৰ বাবে  ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ আব্দুছ ছালামক শিক্ষা বিভাগে বহি:মূল্যায়ক হিচাপে নিয়োগ কৰিছিল।

বহি:মূল্যায়কৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰীক্ষাত ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৫১জন ছাত্র-ছাত্ৰীৰ ভিতৰত ১৫১ জনেই অৰ্থাৎ ১০০ শতাংশ ছাত্র-ছাত্ৰী, দেশভক্ত হাইস্কুলত ৫২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫১ জন অৰ্থাৎ ৯৮.৬১ শতাংশ,উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ত ৬২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৯ জন অৰ্থাৎ ৯৫.১৬ শতাংশ, পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৪৭ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৪৪জন অৰ্থাৎ ৯৩.৬১ শতাংশ,১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৭৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৭১ জন অৰ্থাৎ ৯২.২০ শতাংশ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৭৫ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৬৯ জন অৰ্থাৎ ৯২ শতাংশ, এন কে হাইস্কুলত ৩১৬ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৮৯ অৰ্থাৎ ৯১.৪৫ শতাংশ,নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৪২ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৩৮ জন অৰ্থাৎ ৯০.৪৭ শতাংশ,৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ১২৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১২ জন অৰ্থাৎ ৮৮.১৮ শতাংশ, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছাত ৭৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬৪ জন অৰ্থাৎ ৮৭.৬৭ শতাংশ আৰু হেলছা গাওঁ প্ৰাথমিক বিদ্যালয়ত ৪৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৭ জন অৰ্থাৎ ৮৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়।

প্ৰতিটো বিদ্যালয়ত বহি;মূল্যায়কে ছাত্র-ছাত্ৰীৰ প্ৰাত:সভা,বিদ্যালয়ৰ তথ্য সংৰক্ষণ, শিকণ ফলাফল, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা, ছাত্র সংসদ,শিক্ষণ -শিকন সামগ্ৰী, উদ্ভাৱণীমূলক অনুশীলন, পুথিভঁৰাল ব্যৱহাৰ, কভিডৰ সময়ত শৈক্ষিক পেকেজৰ ব্যৱহাৰ, বিনামূলীয়া ঐক্য সাজ,বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয়ত শিক্ষকৰ উপস্থিতি,বিদ্যালয় পৰিদৰ্শন,জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন, বিদ্যালয়ৰ বিভিন্ন পুঁজিৰ ব্যৱহাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ বিদ্যালয়ত অংশগ্ৰহণ, বিদ্যালয়ত সমাজ জড়িকৰণ, বিদ্যালয়ত মধ্যাহ্ন ভোজন,বিদ্যাঞ্জলী, টুইনিং বিদ্যালয় পাঠদান, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি,কভিডৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীৰ লগত যোগাযোগ, স্বাস্থ্যৰ তথ্য, শৌচাগাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা,হাত-ধোৱা ঠাই, ডেক্স-বেঞ্চ পৰ্যবেক্ষণ, বৈদ্যুতিকৰণ,বিশুদ্ধ খোৱাপানী,বিশেষ প্ৰয়োজনীয় শিশুৰ সুবিধা, কভিড প্ৰতিৰোধী আৰু নিৰাপত্তা ব্যৱস্থা, বিদ্যালয়ৰ কম্পিউটাৰ সুবিধা আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ উপৰি বহি:মূ্ল্যায়কে ছাত্ৰ-ছাত্ৰীৰ পঠন , লিখন আৰু সাংখিক জ্ঞানৰ পৰীক্ষা কৰে।

Leave A Reply