Breaking

আজিৰে পৰা ২০২৩ বৰ্ষৰ গুণোৎসৱ আৰম্ভ : আজি বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন

0 206

আজিৰে পৰা অসমৰ ১১খন জিলাৰ লগতে বৰপেটাতো আৰম্ভ হৈছে গুণোৎসৱ ২০২৩ ।আজি বৰপেটা জিলাৰ সকলো বিদ্যালয়তে এই উপলক্ষে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সুকলমে অনুষ্ঠিত হৈ যায়। স্ব-মূল্যায়নত আজি বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজৰ উপস্থিতিত বিভাগীয় ভাবে যোগান ধৰা প্ৰশ্ন কাকতৰ পেকেটবোৰ খোলে আৰু যথাবিধি অনুযায়ী ছাত্ৰ ছাত্ৰী সকলৰ পঠন দক্ষতাৰ মূল্যায়ন কৰা হয়। বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ শৈক্ষিক দিশ, আন্তঃগাথঁনিৰ বিভিন্ন দিশ, সমাজ জড়িতকৰণ ইত্যাদিৰ সকলো দিশৰ মূল্যায়ন কৰে। আজি জিলাখনৰ বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং দলাহাটী নিম্ন বুনিয়াদী বিদ্যালয়, ৫৩৩ নং সুন্দৰীদিয়া প্ৰাথমিক বিদ্যালয়, সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, বৰপেটা শিক্ষা খণ্ডৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খন্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে।

পৰিদৰ্শন কালত লখিমী দত্তই সকলো ছাত্র ছাত্রীক গুনোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু শিক্ষক শিক্ষয়ত্রীক বিভিন্ন পৰামর্শ আগবঢ়ায়। পিছত সমগ্র শিক্ষাৰ খণ্ড মিছন সমন্বয়ক ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৫৩০ নং বিলৰতাৰীহাটী প্ৰাথমিক বিদ্যালয়, দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৩ নং দক্ষিণহাটী প্ৰাথমিক বিদ্যালয় আৰু পৰিদৰ্শন কৰি বিদ্যালয়কেইখনত স্ব-মূল্যায়নৰ বুজ লয় আৰু বহিঃ মূল্যায়নৰ বাবে শুভেচ্ছা জনায়।

Leave A Reply