Breaking

তিনিটা পৰ্যায়ত ৰাজ্যত পুনৰ গুনোৎসৱ। নৱবৰ্ষৰ জানুৱাৰীৰ পৰা গুনোৎসৱ…

0 45

নৱবৰ্ষৰ আৰম্ভনিতেই ৰাজ্যত পুনৰ আৰম্ভ হব গুনোৎসৱ। তিনিটা পৰ্যায়ত অনুষ্ঠিত হব গুনোৎসৱ। ইতিমধ্যে শিক্ষা বিভাগে এই বিষয়ে ঘোষনা কৰি প্ৰথম পৰ্যায়ত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰী পৰ্যন্ত ১০ খন জিলা সামৰি লোৱা হৈছে। সেইমৰ্মে প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বিআংলঙ, কোকৰাঝাৰ, লক্ষীমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিন শালমাৰা মানকাছাৰ আৰু ওদালগুৰিক সামৰি লোৱা হ’ব।

দ্বিতীয় পৰ্যায়ত ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীত বাকসা,চিৰাঙ,চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, কামৰূপ মহানগৰ, শোনিতপুৰ আৰু তিনিচুকীয়াক সামৰি লোৱা হৈছে। আনহাতে ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰী পৰ্যন্ত আৰম্ভ হবলগীয়া তৃতীয় আৰু অন্তিম গুনোৎসৱত বঙাইগাঁৱ, দৰঙ, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী, আৰু পশ্চিম কাৰ্বিআংলঙক সামৰি লোৱা হৈছে।

Leave A Reply