গুণোৎসৱ। সঁচাকে চৰকাৰৰ এক উৎকৃষ্ট আঁচনি। শিক্ষাৰ মান উন্নত কৰিবলৈ, শৈক্ষিক ব্যৱস্থাৰ উত্তোৰণৰ পৰিৱেশ ৰচনাৰ ই এক ফলপ্ৰসু ব্যৱস্থা। সেই উদ্দেশ্য আগত ৰাখিয়েই আকৌ ৰাজ্যখনত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষানুষ্ঠান পৰ্যন্ত শিক্ষা প্ৰতিষ্ঠানসমূহত চলিছে গুণোৎসৱ।(Gunotsav) অৱশ্যে বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাসমূহ চলি আছে। গতিকে বৰ্তমান সময়ত গুণোৎসৱৰ কাৰ্যসূচী নাই। তথাপি এই গুণোৎসৱৰ কাৰ্যকাৰিতা আৰু তাৰ ফলাফলৰ বিষয়ত আলোচনাৰ নিশ্চয় অৱকাশ আছে। চৰকাৰে শিক্ষাৰ গুণগত মান বৃদ্ধিৰ লক্ষ্য-উদ্দেশ্য আগতৰাখিয়েই ২০১৭ চনৰ পৰাই গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। তেতিয়াৰে পৰাই প্ৰতি বছৰে চৰকাৰ, সৰ্বশিক্ষা অভিযান, অসম ৰাজ্যিক শিক্ষা গৱেষণা সংস্থা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকে যুটীয়াভাৱে এই গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। গুণোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দেশৰ ছবছৰৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰতিগৰাকী শিশুৰ বাবেই শিক্ষা লাভ কৰাটো বাধ্যতামূলক আৰু বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰাটো নিশ্ছিত কৰা। প্ৰতিগৰাকী শিশুৱেই যাতে গুণমানসম্পন্ন শিক্ষা লাভ কৰিব পাৰে আৰু সুবিধাজনক পৰিৱেশত শিক্ষা লাভ কৰিব পাৰে সেয়া এখন চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য।
সেই উদ্দেশ্য আগত ৰাখিয়েই চৰকাৰে বৰ্তমান সময়ত গুণোৎসৱৰ ওপৰত অধিক গুৰুত্ব দিছে। এই গুণোৎসৱৰ জৰিয়তে নিশ্চয়কৈ আমাৰ শিশুসকলৰ লগতে শিক্ষাৰ মান উন্নত অগ্ৰাধিকাৰ প্ৰদান কৰিব। সেই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আচল কথাটো হ’ল প্ৰতি বছৰে এনেদৰে গুণোৎসৱ পাতি গ’লেই শিক্ষাৰ মান বাঢ়িব বুলি একে আষাৰে কৈ দিবও নোৱাৰি। আমাৰ চৰকাৰৰ উদ্যোগত গুণোৎসৱ পাতি অহা আঠ বছৰেই হ’ল। কিন্তু এই আঠ বছৰে শিক্ষাৰ মান কিমানখিনি উন্নত হ’ল বা কিমান ল’ৰা-ছোৱালী বিদ্যালয়মুখী হ’ল সেয়া পৰ্যালোচনা কৰি চাব লাগিব। আনহাতে, শিক্ষা প্ৰতিষ্ঠানসমূহৰেইবা উন্নয়ন আৰু মান কিমানখিনি আগবাঢ়িছে তাৰ প্ৰতিও আমি নজৰ দিব লাগিব। নহ’লে বছৰি গুণোৎসৱ পাতি গৈ থাকিলে যে শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নয়নৰ ছবি দেখিবলৈ পাম তাত সন্দেহ আছে। উৎসৱ পাতি স্কুলসমূহক গ্ৰেড প্ৰদান কৰিলেই যে শিক্ষাৰ মান ঊৰ্ধবমুখী হ’ব সেইটো আচলতে শুদ্ধ নহয়। এই পদ্ধতিৰে এখন স্কুলৰ প্ৰকৃত শৈক্ষিক মান নিৰূপণ কৰিব পৰা নাযায়। আজিও আমাৰ গাঁও-চহৰত এনে বহু ল’ৰা-ছোৱালী আছে– যিসকলৰ ঘৰুৱা পৰিৱেশ একেবাৰে দুখ লগা, য’ত পঢ়াৰ পৰিৱেশেই নাই। আনকি দুবেলা দুসাঁজ ভালকৈ খাবলৈ নাপায়, পিন্ধিবলৈ কাপোৰৰ অভাৱ, মুঠতে স্কুললৈ যোৱাৰ পৰিৱেশ সমূলি নাই। সেইসকল ল’ৰা-ছোৱালীক এই গুণোৎসৱৰ আউটিলৈ অনাৰ ব্যৱস্থা কিন্তু অাজিও কৰা হোৱা নাই।
বৰ্তমান সময়তো আমাৰ ৰাজ্যখনত আধাতে বিদ্যালয় এৰা ল’ৰা-ছোৱালী বহুত আছে। তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে সেই বিষয়তো আলোচনা কৰাৰ নিশ্চয় অৱকাশ আছে। এইবিলাক কথাও গুণোৎসৱৰ মজিয়াতে আলোচনা কৰি ব্যৱস্থা হাতত ল’লে নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ’ব পৰা যাব। আনহাতে, শিক্ষা প্ৰতিষ্ঠানসমূহ কিমান উন্নত, খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, শিক্ষকৰ অভাৱ, শিক্ষা সঁজুলিৰ অভাৱ আদি বিষয়ৰ ওপৰতো আলোচন-বিলোচনা কৰি চৰকাৰে আগভাগ লৈ তাৰ আশু সমাধান ব্যৱস্থা কৰিব লাগিব। গুণোৎসৱৰ উপৰি বিদ্যালয়সমূহত নিয়মীয়াকৈ বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব। এই সকলোবোৰ গুণোৎসৱতেই সামৰি ল’ব লাগিব। তেতিয়াহে বছৰি পাতি অহা গুণোৎসৱ আঁচনিখন অধিক ফলপ্ৰসু হ’ব। আনহাতে, কেতিয়াবা বহিঃনিৰীক্ষকসকলৰ জৰিয়তে বিদ্যালয়ৰ যি মান নিৰ্ণয় কৰা হয়, ইয়াতো কিছু কিছু ক্ষেত্ৰত নিৰপেক্ষ নোহোৱাৰ অভিযোগো শুনা যায়। কাৰণ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যিগৰাকী বহিঃনিৰীক্ষকক ভাল উপঢৌকনৰ ব্যৱস্থা কৰা হ’ব তেওঁ নিশ্চয় সেইখন বিদ্যালয়ৰ উন্নত মান নিৰূপন কৰিবই। যদি সেয়াই সঁচা হয় তেনেহ’লে কেনেকৈ গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ সামগ্ৰিক মান নিৰূপণ কৰিব পৰাটো সম্ভৱপৰ হ’ব। গতিকে গুণোৎসৱৰ জৰিয়তে বিদ্যালয়লৈ প্ৰদান কৰা মান অৰ্থাৎ ‘গ্ৰেড’ ব্যৱস্থাও স্বচ্ছ আৰু নিকা হোৱাটো প্ৰয়োজন। গুণোৎসৱত শিক্ষাৰ্থীক কি বা কেনেধৰণৰ প্ৰশ্ন সোধা হ’ল, শিক্ষকসকলক কি সোধা হ’ল বা কি উত্তৰ সেইসকলৰ পৰা পোৱা হ’ল এইবোৰ কথাও পৰিষ্কাৰ হোৱাটো জৰুৰী। প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি আদি সকলোবোৰ শিক্ষা বিভাগৰ জৰিয়তে সদৰী কৰিলে ৰাইজেও সকলোবোৰ জানিব পাৰিব আৰু তেতিয়াহে ৰাইজৰ চকুত স্পষ্ট হৈ পৰিব গুণোৎসৱৰ পৰা আমাৰ কি কি আৰু কিমান উপকাৰ সাধন হ’ল। কাৰণ বিদ্যালয়খনৰ শিক্ষাৰ মান কেনেদৰে আগবাঢ়িছে বা ক’ত ক’ত বাধাৰ সৃষ্টি হৈছে আৰু কিহৰ বাবে হৈছে সেইটো ভালদৰে জানিব পাৰিব ভালদৰে জানিব পাৰিব সাধাৰণ ৰাইজে।
আৰু পৰৱৰ্তী সময়ত ইয়াৰ সমাধানৰ উপায় চিন্তা কৰি সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগী হৈ কাম কৰিব পাৰিব। কাৰণ একমাত্ৰ চৰকাৰীভাৱেই বিদ্যালয়ৰ সকলোবোৰ সমস্যাৰ সমাধান উলিওৱাতকৈ স্থানীয় ৰাইজক লৈ চৰকাৰে কাম কৰিলে নিশ্চয় শিক্ষাৰ গুণগত মান অধিক বাঢ়িব। নহ’লে ইয়ো এক উৎসৱলৈহে পৰিণত হোৱাৰ দিশলৈ গতি কৰিব। কাৰণ গুণোৎসৱ বুলিলেই বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ আন সময়তকৈ যেন তৎপৰতা বৃদ্ধি পায়। আমি এনে বহু অভিযোগ শুনি আহিছো যে অন্ততঃ গুণোৎসৱৰ সময়ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ হাৰ দেখুৱাবলৈকে আন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আনি এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ এখন ভুৱা ছবি দেখুওৱা হয়। এইবাৰেই আমি বাতৰি কাকতত পঢ়িবলৈ পাইছো যে এখন বিদ্যালয়ত অন্য এখন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী ভাৰাত আনি গুণোৎসৱ পতাৰ ব্যৱস্থা কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। কিন্তু ৰাইজে সেইটো হ’বলৈ নিদিলে। কাৰণ আগতীয়াকৈয়ে ৰাইজে কথাটো অৱগত হৈছিল আৰু বহিঃনিৰীক্ষকৰ সন্মুখতে সেই ভাৰাতীয়া ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা উলিয়াই পঠাই দিছিল। এয়া প্ৰকৃতাৰ্থতে এক অমাৰ্জিত আৰু অশুভ কাৰ্য।
ৰাইজ সচেতন নোহোৱা হ’লে নিশ্চয় এনেদৰেই ভাৰাতীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই বিদ্যালয় কৰ্তৃপক্ষই গুণোৎসৱ পাতি চৰকাৰৰ ওচৰত বাহ বাহ ল’লেহেঁতেন। তদুপৰি চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, বিদ্যালয়ত নামভৰ্তি কৰি বিদ্যালয়বহিৰ্ভূত শিশুৰ সংখ্যা হ্ৰাস কৰা, বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি উন্নত কৰা, ছাত্ৰ অনুযায়ী শিক্ষক নিয়োগ কৰা, বিদ্যালয়ৰ ডেক্স-বেঞ্চ, প্ৰয়োজনীয় শ্ৰেণী কোঠা, বিদ্যালয় গৃহ, বিদ্যুতৰ ব্যৱস্থা, শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ, বিশুদ্ধ খোৱাপানী আদি এশ-এবুৰি সমস্যাৰে আজিও অনেক বিদ্যালয় চলি আছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল বহু চৰকাৰী বিদ্যালয় আজি হয় ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে। কথাটো হ’ল এনেদৰে বছৰ বছৰ গুণোৎসৱ পাতি থাকিলেও আমাৰ শিক্ষাৰ মান কেতিয়াও কোনো ক্ষেত্ৰতে উন্নত নহ’ব। যদিহে এনেবোৰ কথাৰ ওপৰত কৰ্তৃপক্ষই এটা সু-ব্যৱস্থা গ্ৰহণ নকৰে। গুণোৎসৱৰ প্ৰধান লক্ষ্যই হৈছে- প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক পাৰদৰ্শিতা বিচাৰ কৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা, শৈক্ষিক দিশত থকা সমস্যাসমূহৰ সু-সমাধান কৰা আদি। গতিকে আমি ভাবো যদি গুণোৎসৱে এক সঠিক দিশত আগবাঢ়ি যাব পাৰে, তেনেহ’লে নিশ্চয় আমাৰ শিক্ষাৰ মান (গ্ৰেড) বহু ওপৰলৈ উঠিব। নহ’লে সকলো ফুটুকাৰ ফেনত পৰিণত হ’বগৈ।