বি টি আৰৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় তথা নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে। এজাক বৰষুণ দিলেই ঘৰৰ পৰা বিদ্যালয়-মহাবিদ্যালয়লৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি অন্যান্যসকলেও বাহিৰলৈ যাব নোৱাৰা পৰিস্থিতি হৈ আহে।
জানিব পৰামতে পথৰ দুৰৱস্থাৰ হেতুকে কেৰ্পাভিঠা, হাজালপাৰা, ৰং মহল, কাৰিপাৰা, ঢেপাৰগাঁও,বৰঘূলি, চেউনী,হাতীমূৰা, শিক্লীঝাৰ, গাৰোগাঁও আদি গাঁৱৰ বাসিন্দাৰ কোনো লোক টান নৰীয়াত পৰিলে চিকিৎসালয়লৈ নিবলৈ কেইবা মিটাৰ পথ সাঙি কৰি নিব লগা পৰিস্থিৰ সৃষ্টি হয়। অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই বৃহস্পতিবাৰে গোৰেশ্বৰৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ অভাৱ -অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে পদাৰ্পণ কৰাৰ সময়ত ৰাইজে বিশেষকৈ পথ যোগাযোগৰ বিষয়টো দৃষ্টিগোচৰ কৰে আৰু কেইবাটাও পথৰ দুৰৱস্থাও দেখুৱাই দিয়ে।
ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্যৰাখি অসম যুৱ আয়োগৰ সদস্য শৰ্মাই আজি উল্লেখিত গাওঁকেইখনৰ যাতায়ত বিঘ্নিত চুবুৰীকেইটাত সদ্যহতে যাতায়ত কৰিব পৰাকৈ শিল- বালিৰে মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। স্থানীয় ৰাইজে শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশাংসা কৰাৰ লগতে পথ যোগাযোগৰ সমস্যা স্থায়ী সমাধানৰ দাবী জনায়। ৰাইজে আশীৰ্বাদ আৰু সহযোগিতা কৰিলে অনাগত দিনত গোৰেশ্বৰ অঞ্চলৰ পথ যোগাযোগৰ ব্যৱস্থা সূচল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।