ওদালগুৰিত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন পৰিপূৰ্ণ সমাজ গঢ়ি সঠিক পথৰ সন্ধান দিছিল। কিন্তু গুৰুজনাৰ এই আদৰ্শৰ প্ৰতি আমি আজিও উদাসীন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে  ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্ৰীউত্তৰ বেতনা শঙ্কৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মহন্তবাপে এইদৰে কয়।ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ বেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত মুকলি ধৰ্মালোচনী সভাত সত্ৰাধিকাৰ পাঠক মহন্তবাপে লগতে কয়-গুৰুজনাই দি থোৱা সাংস্কৃতিক সমাহাৰ নৱপ্ৰজন্মই অনুসৰণ কৰা উচিত।তেতিয়াহে মহাপুৰুষ জনাই সৃষ্টি ৰাজি অক্ষুণ্ণ ৰখাত সাৰ্থকতা হ’ব। যুগজয়ী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন তত্ত্বৰ আধ্যাত্মিকতাৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য ৰাখি সকলোকে তেওঁ অসমীয়া জাতিৰ জনক , ধৰ্ম, ভাষা, সংস্কৃতিৰ কাণ্ডাৰী  গুৰুজনাৰ আদৰ্শক  জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অসমীয়াক সহযোগিতাৰ আহ্বান জনায়।ইপিনে অতিথি হিচাপে বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়-মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্মগুৰুৱে নাছিল, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়োতা এগৰাকী সংস্কাৰমুখী বহু প্ৰতিভা সম্পন্ন গুণৰ অধিকাৰী আছিল।যিদৰে মহাপুৰুষজনাৰ কৃতিত্ব প্ৰচাৰ প্ৰসাৰ হ’ব লাগিছিল তেনে হোৱা নাই।সেয়ে বিশাল অনুষ্ঠানৰ অধিকাৰী স্বৰূপ মহাপুৰুষ জনাৰ মানৱতাৰ নীতি আদৰ্শ বিশ্বব্যাপী প্ৰচাৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। উদযাপন সমিতিৰ উপ সভাপতি গৌতম জ্যোতি তালুকদাৰে আঁতধৰা  উক্ত মুকলি ধৰ্মালোচনী সভাত সভাৰ উদ্দেশ্যে বাখ্যাৰ কৰে সাধাৰণ সম্মাদক মিনেন চন্দ্ৰ দাস।সভাত ওদালগুৰি পৌৰসভাৰ সভাপতি ৰাকেশ চন্দ্ৰ বড়ো,বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰী,সত্ৰৰ সভাপতি নৰেন দাসে,সভাপতি সুচেন ওজা আদিকে কেইবাগৰাকীও বিশিষ্টলোক উপস্থিত আছিল।নিশাৰ ৮ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মনিকাঞ্চন মিলন সমাজে বীৰনাম প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে।ইপিনে পুৱাৰ ভাগত  ওদালগুৰিৰ শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত  পুৱা ৪বজাত হেমজিৎ দাস আৰু অৱনী ভকতৰ পৰিচালনাত প্ৰভাতফেৰী কৰা হয়।পুৱা ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ ভক্ত বৃন্দই দ্বাৰা থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ৯.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুচেন ওজাই।পুৱা ১১ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মণিকাঞ্চন মিলন সমাজৰ দ্বাৰা থাপনা গৃহৰ সম্মুখত থিয়নাম প্ৰদৰ্শন।দিনৰ ১২ বজাত ভাগৱত লৈ নগৰ পৰিভ্ৰমন উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক ডালিম বায়নে।ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসংগ আৰু বিষয় প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

Related Articles