Breaking

গুটখা আৰু ধঁপাতৰ বাবে কোটি কোটি টকা খৰচ হ’ব ভাৰতৰ…

0 20

ভাৰতত গুটখা, পান মছলা, জৰ্দাৰ দৰে ধঁপাতজাতীয় সামগ্ৰী স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয়বহুল হ’ব পাৰে। একাংশ গৱেষকে এই সতৰ্কবাণী জাৰি কৰিছে। তেওঁলোকৰ অনুমান যে যদি এইবোৰৰ সৈতে জড়িত নীতি সলনি নহয় তেন্তে কেৱল ভাৰতেই নহয়, ইয়াৰ চুবুৰীয়া দেশ দুখন বাংলাদেশ আৰু পাকিস্তানেও স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহু টকাৰ বোজা বহন কৰিব লাগিব।


ভাৰত, বাংলাদেশ আৰু পাকিস্তানে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কেইবা কোটি টকাৰ বোজা বহন কৰিব লাগিব।পাকিস্তানৰ ওপৰত বোজা প্ৰায় ২৫ হাজাৰ কোটি টকা হ’ব, আনহাতে বাংলাদেশত এই সংখ্যা প্ৰায় ১২,৫৩০ কোটি টকা হ’ব পাৰে। এই তথ্য পোহৰলৈ আহিছে ভাৰতৰ নেশ্যনেল ইনষ্টিটিউট অৱ কেন্সাৰ প্ৰিভেনচন এণ্ড ৰিচাৰ্চ, মৌলানা আজাদ মেডিকেল কলেজ আৰু চেণ্টাৰ ফৰ হেল্থ ইনোভেচন এণ্ড পলিচি ফাউণ্ডেশ্যনৰ সৈতে জড়িত গৱেষকসকলৰ সহযোগত কৰা এক অধ্যয়নত। ভাৰতৰ লগতে পাকিস্তান, বাংলাদেশ, ব্ৰিটেইনৰ বিভিন্ন প্ৰতিষ্ঠানৰ গৱেষকসকলেও এই অধ্যয়নত ভূমিকা লৈছিল।


গুটখা, জৰ্দা আৰু পান মছলাৰ দৰে ধঁপাতজাতীয় সামগ্ৰী দক্ষিণ এছিয়াত অতি জনপ্ৰিয়। য’ত প্ৰায় ৩০ কোটি লোকে সেইবোৰ সেৱন কৰে। ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল মানুহে বিশ্বাস কৰে যে এইবোৰ চিগাৰেটতকৈ সুৰক্ষিত। কিন্তু এইবোৰৰ বাবেই কেৱল স্বাস্থ্যই নহয় অৰ্থনীতিৰো ক্ষতি হৈছে।

Leave A Reply