Guwahati । সপ্তাহৰ প্ৰতি দেও আৰু বৃহস্পতি বাৰে বহা বজাৰ খনলৈ সেইদিনাও আহিছিল বকো, বাক্সা, নলবাৰী, হাজো, শিঙিমাৰি, সোণাপুৰৰ আন মহিলা শাক পাচলি বেপাৰী সকলৰ মাজৰে ক্ষেত্ৰীৰ বৰবিটলিৰ অঞ্জু ৰংপি নামৰ ৫০ বছৰীয়া সেই মহিলাগৰাকী। আন দিনাৰ দৰে সেইদিনাও আহিছিল মহানগৰবাসীক থলুৱা শাক পাচলি আৰু বতৰৰ ফল মূল যোগান ধৰি দুই এপইছা উপাৰ্জনেৰে ঘৰখন চলাই যোৱাৰ লগতে ঘৰখনৰ দুই এটা কামত সহায় কৰাৰ লগতে পৰিয়ালৰ বাকী থকা সদস্য আৰু ইষ্ট কুতুমৰ মৰমৰ আবোৰত দিন বোৰ পাৰ কৰাৰ বাবে। কিন্তু সেইদিনা বজাৰলৈ বিক্ৰী কৰিবৰ বাবে অনা সামগ্ৰী সমূহ কিছু বিক্ৰী কৰাৰ পাছত বাকী থকা সামগ্ৰী সমূহ বিক্ৰী নকৰাকৈয়ে কেৱল ঘৰলৈ ঘূৰি যোৱাই নহয়, এই ধৰাৰ পৰাই কোনোদিনে ঘূৰি নহা বাটেৰে বাট বুলিব লাগিছিল। সেইদিনা নিয়তিয়ে মহিলাগৰাকীক আন দিনাৰ পৰিবৰ্তে বেলেগ ভাবে গ্ৰহণ কৰিছিল পুনৰ এনেদৰে নিজৰ লগতে আনৰ বাবে এনেদৰে সাপ্তাহিক বজাৰলৈ আহি হাঁহি মুখে মহানগৰীক সকলৰ সৈতে কথা পাতিব পৰাকৈ। আচৰ্যজনক ভাবে আজি তিনিবছৰৰ পূৰ্বে স্বামীহাৰা হোৱা এই মহিলাগৰাকীয়ে যোৱা বছৰ পুত্ৰ সন্তান এটাকো হেৰুৱাইছিল। তথাপি দিনবোৰ পাৰ কৰিছিল এইদৰেই।

মহানগৰীৰ বজাৰ সমূহলৈ সামগ্ৰী বোজাই আনি এই সামগ্ৰী সমূহ বিক্ৰী কৰাৰ লগতে হাঁহি মাতি নিজৰ দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিয়তিয়ে নামানিলে। হঠাৎ এটা প্ৰচণ্ড শব্দৰে কাষতে বহি থকা দেৱালখন নিজৰ গাৰ ওপৰত বাগৰি পৰাত খন্তেকতে প্ৰাণ হেৰুৱাব লগীয়া হয় এই ক্ষুদ্ৰ বেপাৰী মহিলাগৰাকীয়ে। বেলতলাৰ বাহিৰেও সপ্তাহটোৰ আন দিনকেইটাত তেওঁলোক সাতগাঁও, পাঞ্জাবাৰী, সোণাপুৰ আদিত বহা সাপ্তাহিক বজাৰলৈ গাঁৱলীয়া বিভিন্ন শাক পাচলি লৈ আহে। অৱশ্যে কেৱল এই অঞ্জুয়েই একমাত্ৰ জনজাতীয় মহিলা নহয়, যি এনেদৰে মহানগৰীৰ সাপ্তাহিক বজাৰ সমূহলৈ শাক পাচলি বা বতৰৰ ফলমূল লৈ মহানগৰ বাসীৰ গাঁৱলীয়া থলুৱা সামগ্ৰীৰ প্ৰয়োজনীয়তা বা আকৰ্ষণ বঢ়াই। এওঁলোকৰ বাবেই মহানগৰবাসীয়ে গৌৰবৰে গাঁৱত থকা আন লোক সকলক ফিতাহি মাৰি কয় যে – “ আজিকালি গাঁৱতে নাপায়, অথচ মহানগৰীৰ বজাৰত খুটুৰা, মানিমুনি, ভেদাইলতা, ঢেঁকীয়া, থেকেৰা পোৱা যায় ।“ বজাৰৰ দিনাটোৰ আগদিনা এই মহিলা সকলেই অথবা মহিলা সকলৰ ঘৰৰ আন সদস্য সকলে গাঁৱৰ বিভিন্ন স্থানৰ পৰা থলুৱা অথচ নিভাজ সামগ্ৰী সমূহ বজাৰলৈ নিবৰ বাবে সংগ্ৰহ কৰি থয় আৰু পুৱতি নিশা ঠিক দুই – তিনি বজাতেই ভেন বা সৰু গাৰীৰে মহানগৰীৰ বজাৰলৈ এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে লৈ আহে। সেইদিনা অঞ্জুৰ লগতে ক্ষেত্ৰীৰ আন বহু কেইগৰাকী মহিলা বেলতলা বজাৰলৈ আহিছিল আৰু পৃথকে পৃথকে বজাৰত বহিছিল যদিও মৃত্যুৰ কাৰণ হৈ পৰিছিল এই মহিলাগৰাকী। সৌভাগ্যক্ৰমে বজাৰৰ সামগ্ৰী সমূহ কিছু পৰ এনেদৰেই ৰাখি কেইবাগৰাকী মহিলাই ওচৰৰ হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ বাবে দৈব ক্ৰমে মৃত্যুৰ কোলাত পৰাৰ পৰা ৰক্ষা পৰে। সেয়েহে হয়তু কোৱা হয় –“ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।“ তথাপি ইয়াৰ মাজতে আঘাত প্ৰাপ্ত হৈ বৰ্তমান জি এম চি চিকিতসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বাক্সাৰ মুক্তাৰ দেউৰী ( ৬০), লাইফিনা বৰো আৰু সোণাপুৰ কুমাৰকোচিৰ ভোগিলা ৰাজবংশী। দুৰ্ঘটনাটোৰ পিছদিনা আজিও সেই স্থানতে পৰি আছে সেই মহিলাসকলে বজাৰলৈ অনা আদা, নহৰু, কলদিল, পছলা, ভাতকেৰেলা, তিতা কেৰেলা আদি দ্ৰৱ্য সমূহ। লগতে ভাঙি পৰা বিম, খুটা, ৰড বিহীন কেৱল বল্ডাৰ গাঁথনিৰ ওপৰত থকা কনক্ৰটৰ শ্লেৱ খনৰ ওপৰত ১০ ইঞ্চি বহলকৈ গঠা বাগৰি পৰা দেৱালখন। হয়তু ইয়াৰ ওপৰত হব চৰকাৰী পক্ষৰ সম্পৰীক্ষা। দোষবোৰ ইজনে সিজনলৈ ঠেলি বিষয়টো ৰাজনীতিলৈ পৰ্য্যবেক্ষিত হব। আৰু ইয়াৰ গইনা লৈ সাৰি যাব গাৰ্ডৱাঁল খন নিৰ্মাণ কাৰ্য্যত জৰিত ঠিকাদাৰ প্ৰতিষ্ঠান তথা হয়তু কেইটামান কমিচনৰ বিনিময়ত ঠিকাদাৰী বিলৰ অনুমোদন জনোৱা অভিযন্তা অথবা বিভাগীয় কতৃপক্ষ। ইয়াৰ মাজতে কোনো ন্যায় নোপোৱাকৈ থাকি যাব এই সকল সহজ সৰল আৰু কোনো ভাঁজ নথকা চিধা কথাৰ মাজেৰেই বেলতলাকে ধৰি গুৱাহাটী মহানগৰীৰ অন্যান্য বজাৰ সমাৰৰ আকৰ্ষণ বৃদ্ধি কৰা এই পুৰুষ মহিলা সকল। কাৰণ তেওঁলোক তেনে কোনো ডাঙৰ মানুহ নহয়। মহানগৰীৰ ডাঙৰ মানুহবোৰৰ নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা মানুহ।