GUWAHATI । উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত থকা মহাপ্ৰৱন্ধকৰ কনফাৰেন্স হলত
১ আগষ্ট, ২০২৫ তাৰিখে দুখন গুৰুত্বপূৰ্ণ বুজা-বুজিৰ চুক্তি স্বাক্ষৰ কৰি ইয়াৰ বহনক্ষমতাৰ প্ৰতি তাৰ
প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱৰ
অধ্যক্ষতাত অনুষ্ঠিত এই অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো মাণ্ডলিক ৰেলৱে প্ৰৱন্ধক
আৰু মুখ্য কাৰখানা প্ৰৱন্ধকসকলৰ উপৰিও জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে, য’ত প্ৰদূষণ নিয়ন্ত্ৰণ
পৰিষদ, অসম (পিচিবিএ), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী(আইআইটিজি)আৰু মেছাৰ্ছ কুসুম
উদ্যোগৰ প্ৰতিনিধিও উপস্থিত থাকে।

প্ৰথমখন বুজা-বুজিৰ চুক্তিৰ অধীনত, উত্তৰ-পূব সীমান্ত ৰেলৱে, পিচিবিএ আৰু মেছাৰ্ছ কুসুম
উদ্যোগৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে গুৱাহাটী ৰেলৱে ষ্টেচনক ১০০% প্লাষ্টিক ৰিচাইক্লিং কেন্দ্ৰ
হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপৰ নেতৃত্ব দিবলৈ গুৱাহাটীৰ ষ্টেচন অধীক্ষকৰ
নেতৃত্বত ছয়জনীয়া এক বিশেষ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। আৱৰ্জনা সংৰক্ষণৰ আন্তগাঁথনিৰ উন্নতকৰণ,
পচন সাৰ উৎপাদন প্লেণ্টৰ কাৰ্যকৰীকৰণ আৰু যাত্ৰীসকলৰ মাজত সঘন সচেতনতা বৃদ্ধিৰ বাবে নিয়মীয়া
অভিযানৰ আয়োজন কৰাৰ প্ৰচেষ্টা এই পদক্ষেপৰ অন্তৰ্ভূক্ত। পিচিবিএৰ বিশেষজ্ঞতা আৰু পিচিবিএৰ দ্বাৰা
অনুমোদিত ৰিচাইক্লৰ মেছাৰ্ছ কুসুম উদ্যোগৰ কাৰ্যকৰী ভূমিকাৰ জৰিয়তে এটা শক্তিশালী ৰিচাইক্লিং ব্যৱস্থা
গঢ়ি তোলাৰ লক্ষ্যৰে সচেতনতা অভিযান আৰম্ভ কৰা হৈছে।

দ্বিতীয়খন বুজা-বুজিৰ চুক্তি আইআইটি গুৱাহাটীৰ সৈতে স্বাক্ষৰিত হৈছে, য’ত এচি ডবাসমূহত
ব্যৱহৃত বেডৰোল বিতৰণৰ বাবে বৰ্তমান ব্যৱহৃত পেকেটৰ পৰিৱৰ্তে জৈৱ-পচনশীল আৰু পচনশীল বেগ
প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই পৰীক্ষামূলক প্ৰকল্প কামাখ্যা-নতুন দিল্লীৰ মাজত চলা ব্ৰহ্মপুত্ৰ
মেইলৰ পৰা আৰম্ভ হ’ব, আৰু পৰৱৰ্তী সময়ত গুৱাহাটী আৰু কামাখ্যাৰ পৰা চলা সকলো ৰেলৰ লগতে
সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱে নেটৱৰ্কত এই প্ৰচেষ্টাৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে
সহযোগিতামূলক গৱেষণা আৰু ক্ষেত্ৰ-পৰ্যায়ৰ ৰূপায়ণৰ সংমিশ্ৰণ ঘটাইছে, যাৰ লক্ষ্য হৈছে পৰিৱেশ-হিতৈষী
আৰু যাত্ৰী-সচেতন বিকল্পৰ দিশত পৰিৱৰ্তন।
ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰিবহণৰ দ্বাৰা ৰূপান্তৰণ” দৃষ্টিভংগীৰ প্ৰতি
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। পাৰিপাৰ্শ্বিক বহনক্ষমতা ইয়াৰ কাৰ্যকৰী
ফ্ৰেমৱৰ্কত একত্ৰিতকৰণ কৰি, উত্তৰ-পূব সীমান্ত ৰেলৱেই সংমণ্ডলটোৰ বাবে এক স্বচ্ছ আৰু সেউজ ৰেলৱে
পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

