‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত । GUWAHATI

GUWAHATI । গুৱাহাটীত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰে বঁটা


লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্যতিথি উপলক্ষে মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত হয় ‘লোক কল্যাণ দিৱস’। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰে জনসেৱাত বিশেষ ভূমিকা লৈ অহা বিষয়া-কর্মচাৰীসকলক ‘কৰ্মশ্ৰী বঁটা’ তথা বিভিন্ন লোকসেৱা পুৰস্কাৰেৰে সন্মানিত কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ ১২ গৰাকী বিষয়া-কর্মচাৰীক দলীয় তথা এককভাৱে ‘কৰ্মশ্ৰী বঁটা’ প্ৰদান কৰে। লগতে ১০ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীক ‘ৰাজ্যিক পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰ’ আৰু কামৰূপ মহানগৰ জিলাৰ ২ গৰাকী কৰ্মচাৰীক ‘জিলা পৰ্যায়ৰ উৎকৃষ্ট সেৱা সন্মান’ প্ৰদান কৰা হয়।

ইয়াৰোপৰি, ৰাজ্যৰ বিভিন্ন জিলাত উদযাপন হোৱা লোক কল্যাণ দিৱসৰ অনুষ্ঠানসমূহত জিলা পৰ্যায়ৰ ৫৯ গৰাকী কৰ্মচাৰীক লোকসেৱা সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী দাসে আৰু অন্যান্য বিশিষ্ট অতিথিসকলে গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। বক্তৃতাত মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্ব, অসমলৈ তেখেতে আগবঢ়োৱা অৱদান, তথা গুৱাহাটী বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠান স্থাপন ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ কথা উচ্চাৰণ কৰে। তেখেতে কয় যে, বৃটিছ কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ বিৰুদ্ধে বৰদলৈয়ে যদি তীব্ৰ প্ৰতিবাদ নজনাইছিল, তেন্তে অসমৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব পাৰিছিল।

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ২০২২ চনৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰদলৈ দেৱৰ মৃত্যুদিনটোত ‘লোক কল্যাণ দিৱস’ উদযাপন কৰাৰ লগতে জনসেৱাত উৎসৰ্গিত বিষয়া-কর্মচাৰীক সন্মানিত কৰাৰ এক ইতিবাচক পদক্ষেপ হাতত লোৱা হৈছে।

অনুষ্ঠানত জনস্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, বিভাগীয় সচিব দিবাকৰ নাথ মিশ্ৰ, বৰ্ণালী ডেকা আদি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

মন্ত্ৰী দাসে বঁটা প্ৰাপ্তসকলক অভিনন্দন জনাই কয় যে, এই ধৰণৰ সন্মানে তেওঁলোকক অধিক উৎসাহিত কৰি আগলৈও জনসাধাৰণৰ বাবে সজাগ, দায়িত্বশীল আৰু জনমুখী সেৱা আগবঢ়াবলৈ প্ৰেৰণা যোগাব।

Related Articles