Breaking

গুৱাহাটী বিমানকোঠত বিমান পৰিবহণ নিয়ন্ত্ৰক দিৱস পালন…

0 58

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, আজি বিমান পৰিবহণ নিয়ন্ত্ৰক দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে বিমান পৰিবহণ সেৱাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী সত্য পাল সিং ডাঙৰীয়াই। এই উপলক্ষে, মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য বিমানকোঠ বিষয়া শ্ৰী উৎপল বৰুৱা লগতে বিমানকোঠৰ বহু উচ্চপদস্থ বিষয়া। শ্ৰী উৎপল বৰুৱাই ভাষৰণত বিমান কতৃপক্ষ তথা পৰিচালনাৰ বহু নতুন দৃষ্টিভংগী দাঙি ধৰে আৰু ৰোডমেপৰ জড়িয়তে আগন্তক সময়ত আহিবলগীয়া প্ৰত্যাহ্বানৰ বিষয়ে দৰ্শকক অৱগত কৰে। অনুষ্ঠানৰ অংশ হিচাপে, কেক কাটি অনুষ্ঠানৰ শুভাবৰ্ধন কৰা হয়। জ্যেষ্ঠ এ টি চি অ’, ৰাজীব বৰুৱা, নিকুঞ্জ তালুকদাৰ আৰু সত্য পাল সিং জে.টি-ক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে আজিৰে পৰা প্ৰায় ১০০ বছৰ পূৰ্বে ভাৰতত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ বিভাগৰ গঠন কৰা হৈছিল। ইয়াৰ প্ৰধান উদেশ্য আছিল আকাশমাৰ্গত বিমানৰ নিৰাপদ চলাচল সুনিশ্চিত কৰাতো। এই উদেশ্যৰে, ১৯৫৮ চনতেই গঠিত হোৱা গুৱাহাটী এ টি চি বিভাগ বিগত ৬৯ বছৰ ধৰি কাৰ্যক্ষম হৈ আছে। অনুষ্ঠানত আগন্তুক দিনত বিমানকোঠৰ ভৱিষ্যত পৰিকল্পনা আৰু আহিবলগীয়া এ টি চি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয়।

Leave A Reply