গুৱাহাটী মহানগৰীৰ মাজমজিয়াত (Guwahati Crime New) ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। হেঙেৰাবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাষতে দুৰ্বৃত্তই ছুৰিৰে হানি খুচি হত্যা কৰে অনিল ডেকা নামৰ এজন লোকক।
আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত দিছপুৰ হাস্পতাললৈ নিয়া হৈছিল যদিও তাতেই মৃত্যু হয় তেওঁ। এই ঘটনা সংঘটিত হয় বুধবাৰে ৰাতি। সত্য নাৰায়ণ পূজাৰ বজাৰ কৰিবলৈ আহোঁতেই প্ৰাণ ল’লে অনিল ডেকাৰ। হেঙেৰাবাৰী মাইহাং ৰেষ্টুৰেণ্টৰ সমুখতে লোকজনক উপৰ্যুপৰি ছুৰিকাঘাত কৰে।
এই হত্যাকাণ্ড ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তিনিজন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজনৰ ভিতৰত দেৱ ডেকা নামৰ লোকজন এই ঘটনাৰ মূল অভিযুক্ত। দেৱ ডেকা মৃত অনিল ডেকাৰ ভতিজাক।
পাৰিবাৰিক কন্দলৰ ফলতেই অনিল ডেকাৰ প্ৰাণহানি কৰাৰ সন্দেহ কৰা হৈছে।

